অপৰাধঅসম

মহানগৰীত পুনৰ হত্যাকাণ্ড, পাঁচ দিন আগতেই ছুৰীকাঘাত কৰি হত্যা কৰা হৈছিল মিলন ছেত্ৰীক

অৱশেষত সোমবাৰে স্থানীয় লোকে এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ কৰে মিলন ছেত্ৰীৰ মৃতদেহ। মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক।

এক চাঞ্চল্যকৰ ঘটনাই পুনৰ জোকাৰিছে মহানগৰী। মহানগৰীত সঘনাই সংঘটিত হৈছে এটাৰ পিছত আনটো হত্যাকাণ্ড।সোমবাৰে সন্ধিয়া গুৱাহাটীৰ হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। লখিমী নগৰৰ ২৪ নং বাসগৃহৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

২৪ নং বাসগৃহত ভাৰাতীয়া হিচাপে থকা মিলন ছেত্ৰী পেচাত আছিল ৰঙৰ মিস্ত্ৰী। ১৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

অৱশেষত সোমবাৰে স্থানীয় লোকে এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ কৰে মিলন ছেত্ৰীৰ মৃতদেহ। মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক।

ছেত্ৰীয়ে বহু বছৰ ধৰি হাতীগাঁৱৰ মহম্মদ এ ৰহমানৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে কাম কৰি আছিল। অঞ্চলটোৰ স্থানীয় লোকৰ দাবী- বেছিভাগ সময় পাৰিবাৰিক সংঘৰ্ষত লিপ্ত আছিল মিলন ছেত্ৰী। তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছে দুজন পুত্ৰ, এজনী কন্যা আৰু এগৰাকী বৃদ্ধ মাতৃ।

স্থানীয় লোকৰ মন্তব্য অনুসৰি বৃহস্পতিবাৰৰ পৰাই বন্ধ হৈ আছিল মিলনৰ মোবাইল ফোন। আৰু দিনে নিশাই জ্বলি আছিল মিলনৰ বাসগৃহৰ লাইট । স্থানীয় লোকে বাৰে-বাৰে চেষ্টা কৰিও সংযোগ কৰিব পৰা নাছিল মিলনক। মিলনৰ সতীৰ্থ মঞ্জিল হকে বাৰে-বাৰে ফোন কৰি ছুইটচ অফ পাইছিল মোবাইল। বৃহস্পতিবাৰে বন্ধুৰ সৈতে পাৰ্টি কৰাৰ কথা আছিল মিলনে। শ্বিলঙৰ পৰা আহিবলগীয়া বন্ধুৰ বাবে বৃহস্পতিবাৰে বিয়লি ছাগলীৰ মাংস কিনি আনিছিল মিলনে।

ইফালে, মহানগৰ আৰক্ষীয়ে সন্দেহ কৰিছে যে, মিলন ছেত্ৰীক পাঁচ দিন আগতেই ছুৰীকাঘাত কৰি হত্যা কৰা হৈছিল।কিয়নো, মিলনৰ পেটত গুৰুতৰ ছুৰীৰ আঘাত পোৱা গৈছে।আনকি, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন খঞ্জৰো উদ্ধাৰ কৰিছে। কিন্তু কোনে, কি কাৰণত ৰং মিস্ত্ৰী মিলনক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও সোনকালেই দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব আৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − eight =

Back to top button