অসমশিল্পীসংগীতসংস্কৃতি

স্বামীক ন্যায় প্ৰদানৰ যুঁজ গৰিমাৰ

কান্দি কান্দি আহ্বান জনাইছে পত্নী গৰিমাই

এফালে জুবিনক হেৰুৱাৰ শোক, আনফালে স্বামীক ন্যায় প্ৰদানৰ যুঁজ! জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে কেতিয়াবা যদি আৱেগিক পোষ্ট কৰিছে কেতিয়াবা কান্দি কান্দি আহ্বান জনাইছে পত্নী গৰিমাই।

শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্ৰত উপস্থিত হয় শিল্পী গৰাকীৰ পত্নী গৰিমা গাৰ্গ। সমাধিত চাকি জ্বলাই স্বামীক স্মৰণ কৰে গৰিমাই। তাৰোপৰি তেওঁ স্বামীৰ সমাধিক্ষেত্ৰৰ পৰাই কান্দি কান্দি অসমবাসীক সামাজিক মাধ্যমত #JusticeforZubeenGarg লিখি ন্যায়ৰ দাবী কৰিবলৈ আহ্বান জনায়।

গৰিমাৰ হৃদয় বিদায়ক অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাইজে উচ্চস্বৰে জয় জুবিন দা ধ্বনিৰে সোণাপুৰৰ আকাশ-বতাহ কপাই তোলে। সমৰ্থকসকলে জুবিনক কেৱল এজন শিল্পী নহয়, অসমৰ আত্মাক সংজ্ঞায়িত কৰা আৱেগ বুলি অভিহিত কৰি তেওঁলোকৰ হৃদয়ত চিৰদিন জীয়াই থাকিব বুলি মন্তব্য কৰে।

আনহাতে গৰিমাৰ এই হৃদয় বিদাৰক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট দিয়ে অভিনেতা যতীন বৰাই। তেওঁ কয়, “গৰিমা, তুমি ভাগি নপৰিবা। তুমি সাহস নেহেৰুৱাবা। এই মুহূৰ্তত তুমিয়ে হৈছা সমগ্ৰ অসমবাসীৰ সাহস। তোমাৰ শিৰত আমি প্ৰত্যেকেই জুবিনক দেখা পাওঁ। তোমাৰ চকুত বাৰে বাৰে চকুলো দেখা পালে আমি বৰ কষ্ট পাওঁ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.