অৰ্থনৈতিকঅসমভাৰত

মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা সকাহ! ৰাইজে ব্যৱহাৰ কৰিব পাৰিব পেট্ৰ’লৰ বিকল্প!

পেট্ৰ’লৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে গ্ৰাহকৰ বাবে বিকল্প প্ৰস্তুত কৰিছে কেন্দ্ৰই!

দেশত শেহতীয়াকৈ পেট্ৰ’লৰ মূল্য আকাশলংঘী হোৱাৰ সময়ত গ্ৰাহকে বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব ইথানল তেল। ইয়াৰ বাবে প্ৰস্তুতি চলাইছে কেন্দ্ৰই৷ ইথানল ব্যৱহাৰেৰে গ্ৰাহকে বহুখিনি সাময়িক সকাহ পাব বুলি আশা কৰা হৈছে৷

অৱশ্যে এই ইথানল তেল পেট্ৰ’ল ইঞ্জিনত ব্যৱহাৰ নহ’ব৷ ব্যৱহাৰ হ’ব ফ্লেক্স ফিউল ইঞ্জিনতহে।

পেট্ৰ’লৰ বিকল্প ৰূপে ইথানল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দহ দিনৰ ভিতৰত সিদ্ধান্ত ল’ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে৷

উল্লেখ্য যে, ইথানল তেল ব্যৱহাৰ হ’বলগীয়া ফ্লেক্স ফিউল ইঞ্জিন নিৰ্মাণত ব্যস্ত হৈ পৰিছে এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰাজিল আৰু কানাডাৰ লগতে আন বহু কেইটা অট’ম’বাইল কোম্পানী৷

পেট্ৰ’লৰ বিকল্প ৰূপে ইথানল তেল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ শেহতীয়া পদক্ষেপক জনতাই কেনেদৰে সঁহাৰি জনাব সেয়া হ’ব লক্ষণীয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.