অসমঅসম আৰক্ষী

‘Drugs Free Assam’: অসম আৰক্ষীয়ে মুকলি কৰিলে নতুন ম’বাইল এপ, এপৰ জৰিয়তে আপুনিও দিব পাৰিব অভিযোগ

মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবেই লোৱা হৈছে এই পদক্ষেপ। Google Play Store পৰা সকলোৱে ডাউনলোড কৰিব পাৰিব এই বিশেষ এপ।

ড্ৰাগছমুক্ত অসম গঢ়িবলৈ সংকল্পবদ্ধ অসম আৰক্ষী। ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰাই অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই আহিছে জোৰদাৰ অভিযান। বহু ঠাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি জ্বলাই দিয়াৰ পৰা আৰম্ভ কৰি অপৰাধীক কৰায়ত্ত কৰাত থমকি ৰোৱা নাই অসম আৰক্ষী।

ড্ৰাগছমুক্ত অসম অভিযানৰ অধীনত অসম আৰক্ষীয়ে ১০ ডিচেম্বৰ, শুকুৰবাৰে মুকলি কৰে ‘Drugs Free Assam’ নামেৰে এটা ম’বাইল এপ। ৰাজ্যত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া বেহা ৰোধ কৰিবৰ বাবেই অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবেই লোৱা হৈছে এই বিশেষ পদক্ষেপ। Google Play Storeৰ পৰা সকলোৱে ডাউনলোড কৰিব পাৰিব এই এপটো।

'Drugs Free Assam': অসম আৰক্ষীয়ে মুকলি কৰিলে নতুন ম'বাইল এপ, এপৰ জৰিয়তে আপুনিও দিব পাৰিব অভিযোগ

এই এপ মুকলি কৰি DGP ভাস্কৰজ্যোতি মহন্তই কয় যে ড্ৰাগছ আসক্তিৰ যি ট্ৰেণ্ড, সেই ট্ৰেণ্ডে কেৱল ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰকো প্ৰভাৱিত কৰিছে।

লগতে তেওঁ কয় যে, দক্ষিণ পূব এছিয়াৰ কুখ্যাত ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ। ৰাজ্যত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া বেহা ৰোধৰ ক্ষেত্ৰত জনসাধাৰণে যাতে সহায় কৰিব পাৰে তাৰ বাবেই মুকলি কৰা হৈছে Drugs Free App। এই প্লেটফৰ্মৰ জৰিয়তে সাধাৰণ জনতাই নিজৰ অঞ্চলত হৈ থকা ড্ৰাগছ ৰেকেটৰ বিষয়ে আৰক্ষীক সজাগ কৰিব পাৰিব।

উল্লেখ্য যে, ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ অসম আৰক্ষীয়ে গঠন কৰিছে স্পেচিয়েল টীম। যি টীমৰ অধীনত আৰক্ষীয়ে এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অপৰাধীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + thirteen =

Back to top button