Educationঅসমদৈনিক বাতৰি

৮৫.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত ধেমাজি জিলা

ধেমাজিৰ মুঠ ১৩,৪৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১,৪৯৬ গৰাকীয়ে উত্তীৰ্ণ হয় পৰীক্ষাত।

ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

ফলাফল অনুসৰি, এইবাৰ ৮৫.৪৬ শতাংশৰে শীৰ্ষত জিলিকিছে বানে গৰকা ধেমাজি জিলা। ধেমাজিৰ মুঠ ১৩,৪৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১,৪৯৬ গৰাকীয়ে উত্তীৰ্ণ হয় পৰীক্ষাত। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২৭১৩গৰাকী, দ্বিতীয় বিভাগত ৫৬৭৪গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩১০৯গৰাকী পৰীক্ষাৰ্থী।

আনহাতে, ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত চিৰাং জিলা। জিলাখনত এইবাৰ মুঠ ৮৩৬০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ২৮৬৫ গৰাকীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। প্ৰথম বিভাগত ৭৪৯ গৰাকী, দ্বিতীয় বিভাগত ১৪৬২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৬৫৪ গৰাকী পৰীক্ষাৰ্থী।

ইফালে, ৮১.৩১ শতাংশৰে দ্বিতীয় স্থানত আছে ডিমা হাছাও জিলা আৰু ৮১.১৭ শতাংশৰে তৃতীয় স্থান অধিকাৰ কৰিছে শিৱসাগৰ জিলাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.