দক্ষিণ দিল্লীৰ সত্য নিকেতনত অঘটন। সোমবাৰে দুপৰীয়া সত্য নিকেতনত খহি পৰিল নিৰ্মীয়মাণ অৱস্থাত থকা এটা অট্টালিকা।
#Update | Building collapse in Delhi's Satya Niketan, all six trapped under debris rescued
NDTV's Akshay Dongare reports pic.twitter.com/Eh5IBYPwpL
— NDTV (@ndtv) April 25, 2022
অট্টালিকা খহি আবদ্ধ হৈ পৰে কৰ্মৰত পাঁচজন শ্ৰমিক। শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে NDRF বাহিনীয়ে চলায় তীব্ৰতৰ অভিযান। তিনিঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানৰ পিছত শ্ৰমিককেইজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও ভাগি পৰা ঘৰটোৰ হেঁচাত মৃত্যুক সাবটি লয় দুজন শ্ৰমিকে। বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে আন তিনিজন শ্ৰমিক।