অসমদুৰ্ঘটনাপ্ৰাকৃতিক দুৰ্যোগ

অৱশেষত উদ্ধাৰ হ’ল উত্তৰাখণ্ডত হিমস্খলন সন্ধানহীন হোৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ!

পৰ্বতাৰোহণকেই জীনৱৰ পণ হিচাপে বাছি লোৱাই যেন কাল হ'ল দীপশিখাৰ বাবে

৪ অক্টোবৰৰ দিনটোৱে কাল হ’ল দীপশিখা হাজৰিকাৰ লগতে আন পৰ্বতাৰোহীসকলৰ বাবে। দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল’বলৈ গৈছিল অসমৰ দীপশিখা হাজৰিকাই। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই। পৰ্বতাৰোহণকেই জীনৱৰ পণ হিচাপে বাছি লোৱাই যেন কাল হ’ল দীপশিখাৰ বাবে। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে হঠাৎ হোৱা হিমস্খলনৰ ফলত মৃত্যুক সাৱটি লয় দীপশিখাৰ লগতে আন পৰ্বতাৰোহীসকলে। যোৱা ৪ অক্টোবৰৰ পৰাই সন্ধানহীন হৈ আছিল দীপশিখাৰ লগতে আন প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকল।

 

 

উত্তৰাখণ্ডৰ হিমস্খলনৰ এই ঘটনাৰ ৩ দিনৰ পাছত শুকুৰবাৰ অৰ্থাৎ যোৱাকালি সন্ধান ওলাল দীপশিখাৰ। শুকুৰবাৰে এটা উদ্ধাৰকাৰী দলে দীপশিখাসহ ৭গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। যোৱা ৪ অক্টোবৰত উদ্ধাৰ হৈছিল ৪টা মৃতদেহ আনহাতে ৬ অক্টোবৰতো উদ্ধাৰ হৈছিল ১৫ পৰ্বতাৰোহীৰ মৃতদেহ। আনহাতে শনিবাৰেও ৮ জন পৰ্বতাৰোহণ প্ৰশিক্ষণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীত মুঠ ২৯গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতে অসমলৈ অনা হ’ব দীপশিখাৰ মৃতদেহ। ইতিমধ্যে অসম হাউছৰ বিষয়াসহ দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ উপস্থিত হৈছে উত্তৰাখণ্ডত। নিশালৈ দিল্লী আহি পাব পৰ্বতাৰোহী দীপশিখাৰ মৃতদেহ। আৰু কাইলৈ অসম পাবহি দীপশিখাৰ মৃতদেহ।

 

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত এডভাঞ্চ প্ৰশিক্ষণৰ বাবে ঘৰৰ পৰা উত্তৰকাশীলৈ ৰাওনা হৈছিল দীপশিখা হাজৰিকা। ২৩ ছেপ্টেম্বৰত প্ৰশিক্ষণৰত দলটো হিমস্খলন সংঘটিত হোৱা পৰ্বতলৈ ৰাওনা হৈছিল। ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ গৈছিল। সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায় ৮.৪৫ বজাত সন্মুখীন হৈছিল এই হিমস্খলনৰ। তথ্য অনুসৰি, ১১ অক্টোবৰলৈকে আছিল দীপশিখাহঁতৰ এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী।

 

উল্লেখ্য যে, গুৱাহাটীৰ বাসিন্দা ২৮ বছৰীয়া দীপশিখা হাজৰিকাই চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত আছিল দীপশিখা। অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য আছিল দীপশিখা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + six =

Back to top button