খেলজীৱনশৈলীভাৰত
Trending

ওৰে জীৱন FREE PIZZA খাবলৈ পাব মীৰাবাঈ চানুৱে

Dominos Pizzaই খেলুৱৈগৰাকীৰ বাবে ঘোষণা কৰিলে এটা ভাল খবৰ

টকিঅ’ অলিম্পিকত জিলিকিছে জাতীয় পতাকা। অলিম্পিক বিজয়ী ভাৰতীয় মহিলা খেলুৱৈ মীৰাবাঈ চানু। শনিবাৰে ভাৰত্তোলনত ৰূপৰ পদক জয়ৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়ালে মীৰাবাঈ চানুৱে। ৪৯ কিগ্ৰা. শাখাত খেলুৱৈগৰাকীয়ে পদক জিনিবলৈ সক্ষম হয়।

পদক জয়ৰ পাছত ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে মণিপুৰৰ জীয়ৰীগৰাকীয়ে। খেলৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক চানুৱে জনায় যে,”মই প্ৰথমতে পিজ্জা খাম। বহুদিন হৈ গ’ল মই পিজ্জা নোখোৱাৰ।”

সংবাদ মাধ্যমৰ আগত এই কথা কোৱাৰ পাছত Dominos Pizzaই খেলুৱৈগৰাকীৰ বাবে ঘোষণা কৰিলে এটা ভাল খবৰ।
অলিম্পিক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে জনপ্ৰিয় #DominosPizzaই টুইটাৰযোগে ঘোষণা কৰে ওৰে জীৱনৰ বাবে মীৰাবাঈ চানুক Free Pizza খুওৱাৰ কথা।

Dominos Pizza offers free pizza to Mirabai Chanu

টুইটাৰত Dominos Pizzaই এই কথা ঘোষণা কৰাৰ পাছতে এতিয়া যোগাত্মক মন্তব্যৰে ভৰি পৰিছে Dominos Indiaৰ টুইটাৰৰ Comment Section.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.