Socialচীনবিশ্ব

আমেৰিকাক সতৰ্ক বাণী ৰঙা চীনৰ! যুদ্ধ জাহাজেৰে চীনে ঘেৰিছে টাইৱানক

যুদ্ধ জাহাজেৰে চীনে ঘেৰিছে টাইৱানক, সৰ্ববৃহৎ সামৰিক অনুশীলন বেইজিং প্ৰশাসনৰ টাইৱানক চাৰিওদিশে ঘেৰি চলাইছে সামৰিক অনুশীলন

আমেৰিকাক সতৰ্ক বাণী ৰঙা চীনৰ!

জাপানৰ আকাশত চীনৰ যুঁজাৰু বিমান! নেনচি পেলচি ভ্ৰমণকেন্দ্ৰিক উত্তেজনা, চীনৰ যুদ্ধ জাহাজৰ পৰা নিক্ষেপিত ন-ক্ষেপণাস্ত্ৰ৷ন। ক্ষেপণাস্ত্ৰই আঘাত কৰিলে জাপানত৷ টাইৱান প্ৰণালীত চীনৰ বৃহৎ সামৰিক কুচকাৱাজ৷ যুদ্ধ বিমান, যুদ্ধ জাহাজেৰে চীনে ঘেৰিছে টাইৱানক, সৰ্ববৃহৎ সামৰিক অনুশীলন বেইজিং প্ৰশাসনৰ টাইৱানক চাৰিওদিশে ঘেৰি চলাইছে সামৰিক অনুশীলন৷

চীনৰ বাৰম্বাৰ কঠোৰ সতৰ্কতা আৰু ভাবুকিক অগ্ৰাহ্য কৰি মাৰ্কিন মুলুকৰ এই পদক্ষেপ, যাৰ ফলত বিশ্বৰ দুই অন্যতম শক্তিশালী দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।

ৰাষ্ট্ৰপতিৰ ঠিক পিছৰ পদমৰ্যাদাত আছে নেন্সী পেলোচী। বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে। ৮২ বছৰীয়া এইগৰাকী বিষয়াই এখন মাৰ্কিন সামৰিক বিমানযোগে উপস্থিত হয় টাইৱানত। সোংশান বিমানবন্দৰত বৈদেশিক মন্ত্ৰী জোছেফ উৱে তেওঁক উষ্ম আদৰণি জনায়।

নেন্সী পেলোচী বৰ্তমান এছিয়া ভ্ৰমণত আছে। তেওঁ বা তেওঁৰ কাৰ্যালয়ে টাইপেই ভ্ৰমণৰ বিষয়টো নিশ্চিত কৰা নাই। কিন্তু একাধিক মাৰ্কিন আৰু টাইৱানৰ সংবাদমাধ্যমে জনাইছে, এই ভ্ৰমণ পূৰ্বৰে পৰা আছিল। চীনৰ সামৰিক বাহিনীয়ে জনাইছে, ‘উচ্চ সতৰ্কতা’ জাৰি কৰা হৈছে আৰু এই ভ্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ‘সামৰিক পদক্ষেপ’ও গ্ৰহণ কৰিব চীনে।

উল্লেখযোগ্য যে চীনে গণতান্ত্ৰিক টাইৱানক নিজৰ অঞ্চল হিচাপে বিবেচনা কৰে আৰু প্ৰয়োজনত বল প্ৰয়োগ কৰি দ্বীপ ৰাষ্ট্ৰখন দখল কৰাৰ কথাও প্ৰকাশ কৰিছে। টাইৱানক বিশ্বৰ পৰা বিচ্ছিন্ন ৰখাৰ চেষ্টাত টাইপেইৰ সৈতে চৰকাৰী আদান–প্ৰদানকাৰী দেশবোৰৰ বিৰোধিতা কৰে চীনে।

হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰবিয়ে জনাইছে, নেন্সী পেলোচীৰ য’তেই মন যায় তালৈ যোৱাৰ অধিকাৰ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.