APSCঅসমআঞ্চলিকশিক্ষা

গুৱাহাটীৰ এখন আই. এ.এছ একাডেমী আৰু ৪০ জন কৃৰ্তিমান শিক্ষাৰ্থীৰ সফলতা!

অসম লোকসেৱা আয়োগ ২০২০ৰ কৃৰ্তিমান শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন গুৱাহাটীৰ চাণক্য আই. এ.এছ একাডেমীৰ

শেহতীয়াভাৱে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলৰ তালিকাত গুৱাহাটিৰ চাণক্য আই. এ.এছ একাডেমীৰ শিক্ষাৰ্থী সকলে কৃতকাৰ্যতা লাভ কৰে। ৪০ জনৰো অধিক শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ পৰীক্ষাত নিৰ্বাচিত হয়। ইয়াৰ মাজৰ ২০ জনে প্ৰথম ১০০ পদমৰ্যাদাৰ ভিতৰত স্থান লাভ কৰে। এই শিক্ষাৰ্থীসকল হ’ল ক্ৰমে ১৪ নম্বৰ স্থানপ্ৰাপ্ত মানস বৰদলৈ, ১৮ নম্বৰ স্থানপ্ৰাপ্ত দিবাং মোহন, ১৯ নম্বৰ স্থানপ্ৰাপ্ত অনন্যা চৌধুৰী, ২৪ নম্বৰ স্থানপ্ৰাপ্ত প্ৰবীণ কুমাৰ মাহাতো, ২৫ নম্বৰ স্থানপ্ৰাপ্ত ঈশানুল হুছেইন, ৪২ নম্বৰ স্থানপ্ৰাপ্ত উপাসনা বৰা, ৫৪ নম্বৰ স্থানপ্ৰাপ্ত তৃষিধন নাথ, ১০০ নম্বৰ স্থানপ্ৰাপ্ত বৰ্ণালী খটিৱাৰা। এই ফলাফল প্ৰতিষ্ঠানটোৰ গুণগত শিক্ষাদানৰ জ্বলন্ত নিদৰ্শন।

 

 

চাণক্য আই. এ.এছ একাডেমীৰ পৰিচালন অংশীদাৰ শ্ৰী কুৰঙ্গনয়নী চেতিয়াই কয়, “মই আমাৰ শিক্ষাৰ্থীসকলক লৈ গৰ্বিত আৰু তেওঁলোকৰ এই বিশাল কৃতকাৰ্য্যতা দেখি অতি উৎফুল্লিত। তেওঁলোকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ, লগতে মই আমাৰ এ. চি.এছ., এ. আৰ.এছ. আৰু আবকাৰী বিভাগত নিৰ্বাচিত সকলো শিক্ষাৰ্থীক লৈ মই গৰ্বিত। চাণক্য আই. এ.এছ একাডেমীত যোগ দিয়া প্ৰতিজন শিক্ষাৰ্থীৰ মাজত এক সুপ্ত প্ৰতিভা লুকাই থাকে যাক আমি বিচাৰি উলিয়াই শিক্ষাৰ্থীসকল আগুৱাই যোৱাত সহায় কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ শিক্ষাৰ্থীসকলক আকাশস্পৰ্শী কৃতকাৰ্য্যতা লাভ কৰি উৎফুল্লিত হোৱা দৃশ্যৰ দৰে সুখকৰ অনূভৱ হয়তো আমাৰ বাবে আন একো নাই। আমাৰ শিক্ষকসকলে প্ৰতিদিনে নেৰানেপেৰা প্ৰচেষ্টাত ব্ৰতী যাতে শিক্ষাৰ্থীসকলে মনে বিচৰা ধৰণে সফলতা লাভ কৰিব পাৰে। শিক্ষাৰ্থী সকলৰ শিক্ষা, যৌক্তিক বিশ্লেষণ আৰু বিশ্লেষণাত্মক দক্ষতাক উন্নতি কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে যাতে ভৱিষ্যতে তেওঁলোক সক্ষম প্ৰশাসক হিচাপে গঢ়ি উঠিব পাৰে। চাণক্য আই. এ.এছ একাডেমীয়ে সদায় দেশক পাৰ্গত প্ৰশাসকেৰে পৰিপুষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এই সফল ফলাফল এই সপোনৰে বাস্তৱায়িত ৰূপ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.