খেলভাৰত

কিয় ৱিকিপিডিয়া(wikipedia)ৰ বিষয়ববীয়ালৈ চমন পঠিয়ালে কেন্দ্ৰীয় চৰকাৰে!

ৱিকিপিডিয়াত ভুৱা তথ্য প্ৰকাশক লৈ সৰৱ কেন্দ্ৰীয় চৰকাৰ

ৱিকিপিডিয়া(wikipedia)ৰ বিষয়ববীয়ালৈ চমন প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় ক্ৰিকেটাৰ অৰ্শদ্বীপ সিঙৰ বিষয়ে ৱিকিপিডিয়াত ভুৱা তথ্য প্ৰকাশ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ৱিকিপিডিয়া(wikipedia)ৰ বিষয়ববীয়ালৈ চমন প্ৰেৰণ কৰে।

 

 

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতীয় ক্ৰিকেটাৰ অৰ্শদ্বীপ সিঙৰ ৱিকিপিডিয়া পৃষ্ঠাৰ প্ৰবিষ্টি কেনেদৰে খালিস্তান সংস্থাক প্ৰতিফলিত কৰিবলৈ সলনি কৰা হৈছিল তাৰ উত্তৰ বিচাৰি ভাৰতৰ ৱিকিপিডিয়াৰ বিষয়ববীয়ালৈ চমন প্ৰেৰণ কৰিছে।

 

মন্ত্ৰালয়ৰ ওচৰৰ সূত্ৰ অনুসৰি, কেন্দ্ৰৰ মতে ৱিকিপিডিয়া পৃষ্ঠাৰ এই পৰিৱৰ্তনবোৰে ভাৰতত বিভেদৰ সৃষ্টি কৰাৰ লগতে ক্ৰিকেটাৰ অৰ্শদ্বীপ সিঙৰ পৰিয়ালৰ বাবে আইন-শৃংখলাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা এছিয়া কাপত পাকিস্তানৰ হাতত ভাৰতে পাঁচ উইকেটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছতে ৱিকিপিডিয়াত সলনি হয় সকলো।

 

 

ফাষ্ট বলাৰ অৰ্শদীপ সিঙে খেলখনত এটা কেচ ধৰিব নোৱাৰাৰ বাবেই ভাৰত পৰাস্ত হ’ল বুলি সমালোচনা কৰে ক্ৰিকেটাজনক। খেলখনৰ পিছতে ৱিকিপিডিয়াত প্ৰকাশ হৈছিল ক্ৰিকেটাৰ অৰ্শদ্বীপ সিঙক খালিস্তানি ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ বাছনি কৰা হৈছিল বুলি। পৰৱৰ্তী সময়ত পৃষ্ঠাটো শুদ্ধ কৰা হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Check Also
Close
Back to top button