মনোৰঞ্জন

অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কন্যা যিভাক লিঅ’নেল মেচিয়ে দিলে এই বিশেষ উপহাৰ। কি এই উপহাৰ চাও আহক…

লিঅ'নেল মেচিৰ উপহাৰ পাই উৎফুল্লিত কণমানি যিভা

এগৰাকী কণমানি অনুৰাগীলৈ ফুটবলৰ যাদুকৰ লিঅ’নেল মেচিয়ে এক বিশেষ উপহাৰ। আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে কণমানি অনুৰাগীগৰাকীক আৰ্জেণ্টিনাৰ জাৰ্চি উপহাৰস্বৰূপে দিলে য’ত তেওঁ নিজৰ হস্তাক্ষৰ খোদিত কৰে। যাক পাই উৎফুল্লিত হৈ উঠিল কণমানিগৰাকী। এই কণমানি অনুৰাগী আন কোনো নহয় তেওঁ হৈছে কণমানি যিভা ধোনী। ভাৰতৰ কিংবদন্তি প্ৰাক্তন ক্ৰিকেট অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কন্যা ৭ বছৰীয়াক যিভাই ফুটবলৰ যাদুকৰ মেচিৰ পৰা এই উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ উঠি যিভা।

 

 

যিভাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এইটো খবৰ শ্বেয়াৰ কৰে। পোষ্টটোৰ কেপচনত যিভাই লিখিছে, “Like father, like daughter! “ #commonlove #merrychristmas.”। য’ত যিভাই শ্বেয়াৰ কৰা ফটোবোৰত দেখা গৈছে মেছিৰ অটোগ্ৰাফ খোদিত আৰ্জেণ্টিনাৰ জাৰ্চি। তেওঁ লিখিছে “পাৰা যিভা”, যাৰ অৰ্থ হৈছে ‘যিভাৰ বাবে’। ফটোসমূহ শ্বেয়াৰ কৰাৰ পিছৰে পৰা দুইলাখৰো অধিক লাইক সংগ্ৰহ কৰিছে পোষ্টটোৱে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − thirteen =

Back to top button