Socialআন্তঃৰাষ্ট্ৰীয়

এটা মিছাইলে কাঢ়ি নিলে দৃষ্টিশক্তি, পঢ়াৰ দুৰ্বাৰ হেঁপাহকো নেওচি পুনৰ বিদ্যালয়লৈ আহিছে মহম্মদ শ্বাবান

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, মে' মাহত ইজৰাইলী আৰু হামাছ ইছলামিষ্টৰ মাজত হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা শিশুসকলৰ মাজত মহম্মদো আছিল অন্যতম

এটা ৮ বছৰীয়া কণমানি। জীৱনৰ ৰংবোৰ চাবলৈ আৰম্ভ কৰাৰ সময়তে এটা বিস্ফোৰণে কাঢ়ি নিলে দৃষ্টিশক্তি। আঠবছৰীয়া মহম্মদ শ্বাবানে সপোন দেখিছিল, বিদ্যালয়লৈ যোৱাৰ, লগৰীয়াৰ সৈতে খেলাৰ। কিন্তু এটা ভয়ানক বিস্ফোৰণে সকলো চুৰমাৰ কৰি পেলালে মহম্মদৰ। এটা মিছাইলে দৃষ্টিশক্তি কাঢ়ি নিলে মহম্মদৰ।

উত্তৰ গাজা ষ্ট্ৰীপৰ বেইট লাহিয়াত থকা এখন বিদ্যালয়ত অধ্যয়নৰত আছিল ৮ বছৰীয়া কণমানিটি।  ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, মে’ মাহত ইজৰাইলী আৰু হামাছ ইছলামিষ্টৰ মাজত হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা শিশুসকলৰ মাজত মহম্মদো আছিল অন্যতম।

সংঘৰ্ষৰ সময়ত মহম্মদে বজাৰলৈ কাপোৰ ক্ৰয় কৰিবলৈ ওলাই গৈছিল। সেই সময়তে এটা মিছাইল বিস্ফোৰিত হোৱাৰ পৰিণতিত সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱায় কণমানিটিয়ে।

এটা মিছাইলে কাঢ়ি নিলে দৃষ্টিশক্তি, পঢ়াৰ দুৰ্বাৰ হেঁপাহকো নেওচি পুনৰ বিদ্যালয়লৈ আহিছে মহম্মদ শ্বাবান

মহম্মদৰ পিতৃয়ে কয় কেনেকৈ পিতৃক প্ৰায়ে প্ৰশ্ন কৰিছিল মহম্মদে,’মই কেতিয়াকৈ চকুৰে দেখিম’, ‘মই কেতিয়া আন শিশুসকলৰ সৈতে বিদ্যালয়লৈ যাব পাৰিম’, ‘মই কেতিয়া ৰাস্তালৈ অকলে ওলাই যাব পাৰিম’ আদি।

সেই ভয়ানক দুৰ্ঘটনাৰ পাছত ঘৰতে আছিল মহম্মদ শ্বাবান। অৱশেষত বিদ্যালয়লৈ পুনৰ আহিছে কণমানি শ্বাবান। কিন্তু সকলো পৃথক। খিলখিলাই হাঁহি, মুক্তমনে ল’ৰি-ঢাপৰি বিদ্যালয়লৈ আহিব নোৱাৰিলেও পঢ়াৰ হেঁপাহকণ বুকুত বান্ধি পুনৰ আহিছে শ্বাবান।

উল্লেখযোগ্য যে, ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত ২৬০ গৰাকী পেলেষ্টাইনীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে, গাজাৰ সৈনিকে ইজৰাইলৰ ১৩ জন লোকৰ প্ৰাণ কাঢ়িছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button