অভিনয়দৈনিক বাতৰিবলিউডবোলছবিভাৰত

টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ

টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। বৃহস্পতিবাৰে ক’পাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মাত্ৰ ৪০ বছৰ বয়সতেই অকাল মৃত্যুক আকোৱালি ল’লে অভিনেতা সিদ্ধাৰ্থ শুক্লাই।

বৃহস্পতিবাৰে পুৱা অভিনাতগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত  তেওঁক মুম্বাইৰ ক’পাৰ হাপস্পতাললৈ লৈ যোৱা হয়। তাতেই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে৷

‘বালিকা বধু’ত কৰা অভিনয়ৰ বাবে দৰ্শকৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল শুক্লা। তাৰ পাছত জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ ছিজন-১৩ৰ বিজেতা আছিল সিদ্ধাৰ্থ শুক্লা৷ খটৰ’ কে খীলাড়ীৰ ছিজন ৭তো বিজয় সাব্যস্ত কৰিছিল অভিনেতাগৰাকীয়ে৷ বলীউড টিভি ইণ্ডাষ্ট্ৰীৰ এটা জনপ্ৰিয় নাম আছিল সিদ্ধাৰ্থ শুক্লা৷ শেহতীয়াকৈ বিগ বছ OTTৰ মঞ্চত দেখা পোৱা গৈছিল তাৰকাগৰাকীক৷ ২০০৮ চনত তেওঁ ‘বাবুল কা আংগন ছ’টেনা’ত মুখ্য ভূমিকাত অভিনয় কৰিছিল। ‘হামটি শৰ্মা কি দুলহনীয়া’ত তেওঁক সহ অভিনেতা হিচাপে দেখা পোৱা গৈছিল। শেহতীয়াকৈ তেওঁক একতা কাপুৰৰ ধাৰাবাহিক, ‘ব্ৰকেন বাট বিউটিফুল-৩’ ত দেখা পোৱা গৈছিল। ইয়াত তেওঁ আগষ্টা নামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ‘ঝলক দিখালা জা-৬’ ৰিয়েলিটি শ্ব’ৰ জৰিয়তে তেওঁ জথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।

হঠাৎ প্ৰিয় তাৰকাগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে অনুৰাগীসকলক৷ মৃত্যুৰ সময়ত তেওঁ মাতৃ আৰু দুগৰাকী ভগ্নীক এৰি থৈ গৈছে। টুইটযোগে বলীউডৰ প্ৰতিগৰাকী তাৰকা তথা অনুৰাগীয়ে শোকপ্ৰকাশ কৰিছে অভিনেতাগৰাকীৰ মৃত্যুত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button