Socialদিল্লীভাৰত

সুদীৰ্ঘ ছমাহৰ পাছত পুনৰ আন্দোলন কৰিব ভাৰতীৰ কিষানে!

আজিৰে পৰা ৯ আগষ্টলৈ দৈনিক ছয় ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা

ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে যোৱা ছমাহ ধৰি আন্দোলনাত্মক কাৰ্যসূচীৰ পৰা বিৰত আছিল ভাৰতীয় কিষান ইউনিয়ন৷ কিন্তু আজিৰে পৰা ৯ আগষ্টলৈ দৈনিক ছয় ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৃষক সংগঠন সমুহৰ৷

ধৰ্ণাৰ বাবে দিল্লী আৰক্ষীৰ অনুমতি লাভৰ পিছতে আজি পুৱাৰে পৰা ৰাজধানী চহৰখনৰ চুবুৰীয়া হাৰিয়ানা, পঞ্জাৱৰ পৰা দুই শতাধিক কৃষক বাছেৰে ৰাওনা হয় জন্টৰ মন্তৰ গ্ৰাউণ্ডলৈ৷ কেন্দ্ৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত পুনৰ উত্তাল কৰাৰ হুংকাৰ ভাৰতীয় কিষান ইউনিয়নৰ সভাকতি ৰাকেশ টিকাইটৰ৷

মনকৰিবলগীয়া যে জন্টৰ মন্তৰত দৈনিক ধৰ্ণাত বহিব দুশজনকৈ কৃষকে৷ আনহাতে কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে সমগ্ৰ ৰাজধানী মহানগৰখনত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 19 =

Back to top button