দুৰ্ঘটনাভাৰত

ভয়ংকৰ ঘটনা! শিশু ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাণ হেৰুৱাই চাৰিটাকৈ শিশুৱে

মধ্য প্ৰদেশৰ ভূপালত সোমবাৰে নিশা প্ৰায় ৯ বজাত কমলা নেহৰু নামৰ এখন চৰকাৰী চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

মধ্য প্ৰদেশৰ ভূপালত সোমবাৰে নিশা প্ৰায় ৯ বজাত কমলা নেহৰু নামৰ এখন চৰকাৰী চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৮ ৰ পৰা ১০ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলী ততাতৈয়াকৈ উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰলৈ আনে যদিও দুৰ্ভাগ্যবশতঃ ঘটনাটোত চাৰিটাকৈ শিশুৱে প্ৰাণ হেৰুৱাই আৰু লগতে আন তিনিটা শিশু গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।

অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে ঘটনাটোৰ এক উচ্চ-পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, অতিৰিক্ত মুখ্য সচিব (এচিএছ) স্বাস্থ্য আৰু চিকিৎসা শিক্ষা মহম্মদ সুলেইমানৰ দ্বাৰা পৰৱৰ্তী তদন্ত কৰা হ’ব।

ঘটনা সম্বন্ধত মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে টুইটাৰযোগে লিখিছে: “চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা অতি দুখজনক। উদ্ধাৰ অভিযান দ্ৰুত গতিত হৈছিল, জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ, ইতিমধ্যে গুৰুতৰভাৱে অসুস্থ হৈ থকা তিনিটা শিশুক ৰক্ষা কৰিব পৰা নগ’ল”।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.