অসমআন্তঃৰাষ্ট্ৰীয়খেল

DSP হ’ব লাভলীনা, লাভলীনাক প্ৰতিমাহে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১ লাখ টকাৰ বৃত্তি

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে লাভলীনাক DSP পদত নিযুক্তি দিয়াৰ কথা

টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়ৰে ভাৰতবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই উপস্থিত হ’লহি অসমৰ ভূমিত। অসমবাসীৰ বহু প্ৰত্যাশাৰ অন্ত পেলাই আজি মাতৃভূমি পালেহি অসম কন্যা। বৃহস্পতিবাৰে অসম কন্যাক ৰাজকীয় মৰ্য্যদাৰে আদৰি অনা হয় বৰঝাৰ বিমানবন্দৰৰ পৰা।

পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত থাকে লাভলীনা। এই অনুষ্ঠানত উপস্থিত থাকে লাভলীনাৰ পিতৃ টীকেন বৰগোঁহাইৰ লগতে অসমৰ মুখ্যমন্ত্ৰীসহ আন কেবিনেট মন্ত্ৰীসকল। লগতে উপস্থিত থাকে বহু বৰেণ্য ব্যক্তি। অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা প্ৰদান কৰা হয় অলিম্পিক বিজয়ী লাভলীনাক।

এই সম্বৰ্ধনা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে লাভলীনাক DSP পদত নিযুক্তি দিয়াৰ কথা। লগতে অসম চৰকাৰে লাভলীনাক প্ৰদান কৰে ১ কোটি টকাৰ চেক।

পৰৱৰ্তী অলিম্পিকত স্বৰ্ণ জয়ৰ পণ বান্ধি লোৱা লাভলীনালৈ পেৰিছ অলিম্পিকৰ অনুশীলন কৰাৰ বাবে প্ৰত্যেক মাহে ১ লাখ টকাৰ বৃত্তি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button