অপৰাধদিল্লী

পোহৰলৈ আহিছে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ ন ন তথ্য

দিল্লীৰ পালাম এলেকাত সংঘটিত ঘটনাৰ তদন্তত পোহৰলৈ নতুন তথ্য

পোহৰলৈ আহিছে দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ ন ন তথ্য। দিল্লীৰ পালাম এলেকাত সংঘটিত ঘটনাৰ তদন্তত পোহৰলৈ আহিছে নতুন তথ্য। লিভ ইনত থকা শ্ৰদ্ধাক ৩৫ টুকুৰা কৰিছিল প্ৰেমিক আফতাবে। হত্যাকাৰী আফতাবে শ্ৰদ্ধাৰ শৱদেহ ফ্ৰীজত ৰাখি আন যুৱতীৰে কৰিছিল সম্পৰ্ক। ডেটিং এপ ‘বম্বল’ৰ জৰিয়তে মিলিত হৈছিল চিকিৎসক যুৱতীৰে। শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা ৰখা ঘৰলৈ মাতিছিল চিকিৎসক যুৱতীগৰাকীক। ইতিমধ্যে দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিছে চিকিৎসক যুৱতীৰ পৰিচয়। ইপিনে অভিযুক্ত আফতাবক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। ইতিমধ্যে ঘন জংঘলত উদ্ধাৰ হোৱা শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাৰ DNA পৰীক্ষাও সম্পন্ন হৈছে। শ্ৰদ্ধাৰ DNA পিতৃৰ সৈতে মিল থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। শ্ৰদ্ধা হত্যাকাণ্ডৰ CBI তদন্ত দাবী কৰিছে শ্ৰদ্ধাৰ পিতৃয়ে। ২৮ নৱেম্বৰত হত্যাকাৰী আফতাবৰ নাৰ্ক’ টেষ্টৰ দিন ধাৰ্য কৰা হৈছে। বিগত ১৮ মে’ত শ্ৰদ্ধা হত্যাকাণ্ড সংঘটিত হোৱাৰ দাবী দিল্লী আৰক্ষীৰ। শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা ১৮ দিন ধৰি নিশা জংঘলত পেলাইছিল আফতাবে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button