উৎসৱভাৰতসংস্কৃতি

১৭ লাখ বন্তি প্ৰজ্বলনেৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু ৰামনগৰী

চাকিৰ পোহৰেৰে উজলি উঠিব ৰামনগৰী অয্যোধা

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। অমাৱস্যাৰ আন্ধাৰ নাশি উজ্বলিব চৌদিশ। চাকিৰ পোহৰে আলোকিত হ’ব চৌপাশ। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দীপাৱলীক আদৰাৰ চলি আছে পূৰ্ণ প্ৰস্তুতি। ৰং-বিৰঙৰ চাকিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ।

 

দীপাৱলী উপলক্ষে অয্যোধাত উখল-মাখল পৰিৱেশ। দীপাৱলী উদযাপনৰ বাবে সাজু হৈ উঠিছে ৰামনগৰী। চাকিৰ পোহৰেৰে উজলি উঠিব ৰামনগৰী অয্যোধা। এইবাৰ ১৭ লাখ বন্তিৰে দীপাৱলী পালনেৰে বিশ্ব ৰেকৰ্ড গঢ়িব লৈ সাজু অয্যোধাবাসী। আজি অনুষ্ঠিত হ’বলগীয়া দীপোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি।

 

 

মুখ্যমন্ত্ৰী যোগী আদিত্যই টুইটযোগে সকলোকে দীপাৱলী উদযাপনৰ বাবে আমন্ত্ৰণ জনায় অয্যোধালৈ। তেওঁ ২০২২ৰ দীপাৱলীৰ ফটোসহ লিখে, ‘श्री अयोध्या जी तैयार हैं, भव्य और दिव्य दीपोत्सव के लिए.. आप सभी का स्वागत है. जय श्री राम!’

তেওঁ নি়জেই গোটেই কামখিনিৰ তদাৰক কৰে। বিগত বৰ্ষত ১২ লাখ বন্তি প্ৰজ্বলন কৰা হৈছিল অয্যোধাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.