leatest updateঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিভাৰত

অধ্যাপক, বিশিষ্ট গৱেষক, বুৰঞ্জীবিদ ড° মাধুৰ্য্যমণ্ডিত বৰুৱালৈ ২০২৩ চনৰ মানৱ অধিকাৰ বঁটা।

চলিত বৰ্ষৰ ২১ মে'ত বৰুৱাক প্ৰদান কৰা হ'ব এই সন্মান।

নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট গৱেষক, বুৰঞ্জীবিদ ড° মাধুৰ্য্যমণ্ডিত বৰুৱালৈ ২০২৩ চনৰ মানৱ অধিকাৰ বঁটা। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ অসম শাখাই আগবঢ়াইছে এই বঁটা। অসমৰ ইতিহাস-গৱেষণাৰ ক্ষেত্ৰখনলৈ ড° বৰুৱাই আগবঢ়োৱা নিৰলস সেৱাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২১ মে’ত এই সন্মান প্ৰদান কৰা হ’ব বৰুৱাক। ৰাজ্যপাল গুলাব চাঁদ কাটাৰিয়াৰ উপস্থিতিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো অসমৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা মানৱ অধিকাৰ সম্পৰ্কীয় ৰাজ্যিক সন্মিলনতে প্ৰদান কৰা হ’ব এই বঁটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.