অসমউৎসৱভ্ৰমণশিল্পীসংস্কৃতি

অন্ত পৰিল মাজুলীৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা

ঘৰমূৱা হʼল পৰ্যটক কিম্বা দৰ্শনাৰ্থী

সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সফল সামৰণি পৰিল। শাৰদীয় উৎসৱৰ মহা আয়োজনেৰে বিগত ৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল মাজুলীৰ গৌৰৱ শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা । ব্যতিক্ৰমী মাজুলীত শৰৎকাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে । ৰাসৰ লগত আছে মাজুলীৰ এৰাব নোৱৰা সম্পৰ্ক । এই বছৰৰ ৰাস মহোৎসৱভাগি কিছু কিছু সত্ৰ বা ৰংগমঞ্চই ৪ তাৰিখৰ পৰা অনুষ্ঠিত কৰাৰ বিপৰীতে কিছু কিছু সত্ৰ আৰু ৰংগমঞ্চই ৫ তাৰিখৰ পৰা অনুষ্ঠিত কৰিছিল । মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰংগমঞ্চ আৰু ১২ খনকৈ সত্ৰত অনুষ্ঠিত হৈছিল এই বছৰৰ ৰাস মহোৎসৱ । লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰাসৰ নাট মেলা পৰ্ব অনুষ্ঠিত হয় আৰু এমাহজোৰা আখৰাৰ অন্তত ৰাস পূৰ্ণিমাত অনুষ্ঠিত হয় এই ৰাস মহোৎসৱ ।

এই ৰাসৰ সময়ছোৱাত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । খোল-তাল, বাঁহীৰ সুৰ, কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে মাজুলীৰ আকাশ-বতাহ । এইবাৰ মাজুলীৰ বহু ৰংগমঞ্চত তিনিদিনৰ ভিতৰত এটা দিনত দেখা গ’ল শিশু ৰাস প্ৰদৰ্শন কৰা আৰু আনফালে দেখা গ’ল কোনোবা এটা মঞ্চত মহিলা ৰাস প্ৰদৰ্শন । ইয়াৰ উপৰিও এইবছৰ পোন প্ৰথমবাৰৰ বাবে মাজুলীত দেউৰী ভাষাত ৰাস পতা দেখা গ’ল । পূৰ্বৰ দৰে মিচিং ভাষাতো পাতিলে ৰাস । ৰাসৰ এই মধূময় সময়ছোৱা উপভোগ কৰিবলৈ এই সময়ত মাজুলীত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে । ৰাস শেষ হোৱাৰ লগে লগে এতিয়া মাজুলী এৰি নিজা নিজা ঠাইলৈ উভতিছে ৰাস দর্শনাৰ্থীসকল । ৰাসৰ লগত সংগতি ৰাখি মাজুলীৰ কেইবাটাও স্থানত দেখা গ’ল মুকলি বজাৰ । জুবিন গাৰ্গবিহীন এইবছৰ মাজুলীৰ প্ৰথম ৰাস । যাৰ বাবে আগৰ সেই উৎসাহ পৰিলক্ষিত নহ’ল এই বছৰৰ ৰাসত । জুবিন গাৰ্গ অবিহনে যেন সকলো আধৰুৱা আজিৰ দিনত । এইবাৰ মাজুলীৰ ৰাস কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছিল । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু প্ৰতিটো ৰংগমঞ্চই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button