Assamleatest updatenationalRegionalSocial

উচ্চ শিক্ষাৰ চাকৰিত প্ৰয়োজন নহয় PRC

নিৰ্দেশনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া।

উচ্চ শিক্ষাৰ চাকৰিত প্ৰয়োজন নহয় PRC। এই নিৰ্দেশনা উচ্চ শিক্ষা সঞ্চালকালয়ৰ। নিৰ্দেশনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। চৰকাৰৰ অনুমতিৰ অবিহনেই দিয়া হৈছিল এই নিৰ্দেশনা। উচ্চ শিক্ষা সঞ্চালকৰ জাননীক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী। লগতে ক্ষুব্ধ হৈ পৰিল শিক্ষামন্ত্ৰী ৰণোজ পেগু।

এই নিৰ্দেশনাৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য, এনে ধৰণৰ নিৰ্দেশনা চৰকাৰেহে জাৰী কৰিব পাৰে। কোনো সঞ্চালকালয়ে এনে জাননী দিব নোৱাৰে। শীঘ্ৰেই জাননী প্ৰত্যাহাৰ কৰিবলৈ শিক্ষাবিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

উল্লেখ্য যে, জাননীত স্বাক্ষৰ কৰিছিল উপ-সঞ্চালক সুমিত্ৰাদেৱে। উচ্চ শিক্ষাৰ সঞ্চালকৰ দায়িত্বত আছে পমী বৰুৱা। পমী বৰুৱাৰ নিৰ্দেশতেই স্বাক্ষৰ কৰিছিল নেকি সুমিত্ৰাদেৱে?
বিষয়টোকলৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

তাৰোপৰি PRCৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেনবৰাৰো প্ৰতিক্ৰিয়া। উচ্চ শিক্ষা সঞ্চালকক নিলম্বনৰ দাবী ভূপেন বৰাৰ। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ।

প্ৰশ্ন উঠিছে পমী বৰাৰ এই টোঘলকী কাণ্ডৰ শাস্তি হ’বনে? শিক্ষামন্ত্ৰীৰ সাহস হ’বনে পমী বৰাক নিলম্বিত কৰিবলৈ? উল্লেখ্য যে এক জাননী যোগে উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়ৰ চাকৰিত PRC বাধ্যতামূলক নহয় বুলি জাৰি কৰিছিল নিৰ্দেশনা। শিক্ষা বিভাগৰ নিৰ্দেশনাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.