Government SchemeSocialঅসম

ঘোষণা হ’ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। চাও আহক কোন কোন সন্মানীয় ব্যক্তিয়ে পালে এই সন্মান?

কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ সন্মান বঁটা প্ৰদান

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ চিকিৎসক ডাঃ তপন শইকীয়া। সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।

অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা (চিংফৌ হেৰিটেজৰ হৈ কাম কৰি আহিছে), বিনন্দ হাতীবৰুৱা (মাগুৰিবিলৰ বিশেষজ্ঞ), অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী (আত্মসহায়ক গোটৰ অংশীদাৰ), শীলা গোৱালা (আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ডেফডিল), দয়াল গোস্বামী (মুখা শিল্পৰ দক্ষতা বিকাশ) আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।

কোনো এটা ভাল দিনত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button