অসম

হাবুঙক লৈ কি নতুন পৰিকল্পনা মুখ্যমন্ত্ৰীৰ?

হাবুঙত নিৰ্মাণ কৰা হ’ব অতিথিশালা, প্ৰেক্ষাগৃহ। পৰম্পৰাগত গাঁও আৰু সংগ্ৰহালয় নিৰ্মাণৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ

টাই আহোম সম্প্ৰদায়ৰ লোকসকলৰ জাতীয় উৎসৱ মে-ডাম্-মে-ফীৰ দিনটোত লখিমপুৰৰ হাবুঙত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হাবুঙত উপস্থিত হৈ ন পৰিকল্পনাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাবুঙক লৈ ন পৰিকল্পনা মুখ্যমন্ত্ৰী শৰ্মাৰ।

হাবুঙত নিৰ্মাণ কৰা হ’ব অতিথিশালা, প্ৰেক্ষাগৃহ। পৰম্পৰাগত গাঁও আৰু সংগ্ৰহালয় নিৰ্মাণৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। ৫০খন গাঁৱত নিৰ্মাণ হ’ব চাও-চেং-মেন। প্ৰতিটো পৰিয়াললৈ ২০ লাখকৈ অনুমোদন কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

আনহাতে, ঐতিহাসিক ৰংঘৰৰ দাঁতিত ১০০ বিঘা মাটিত নিৰ্মাণ কৰা হ’ব ঐতিহাসিক ক্ষেত্ৰ। ন ৰূপত সজাই তোলা হ’ব লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ। বৃদ্ধি কৰা হ’ব সমাধিৰ পৰিসীমা। লাচিতৰ ওপৰত নিৰ্মাণ কৰা হ’ব এখন তথ্য চিত্ৰ। হিন্দী, ইংৰাজী দুয়োটা ভাষাতে হ’ব এই তথ্যচিত্ৰখন। অসমৰ বাহিৰতো এই সন্দৰ্ভত অনুষ্ঠিত হ’ব আলোচনা চক্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.