অসমআঞ্চলিকখেলদৈনিক বাতৰি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণবিজয়ী প্ৰথম অসমীয়া ‘অৰ্জুন’ বিজয়ী ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন

১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰ দিনটোত এই দিৱস পালন কৰা হয়

অসমৰ ক্ৰীড়া জগতৰ বাবে আজি বিশেষ দিন। ১৯৫৩ চনত অৰ্জুন বঁটা জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন।

৩ ছেপ্টেম্বৰ দিনটো অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটো সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰ দিনটোত এই দিৱস পালন কৰা হয়।

১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে। ফুটবল খেলেৰে ক্ৰীড়া জীৱনৰ আৰম্ভণি কৰা ভোগেশ্বৰ বৰুৱাই ১৯১৬ চনত দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণপদক, ১৯৬৪ চনত শ্ৰীলংকাত অনুষ্ঠিত অপেন এথলেটিক প্ৰতিযোগিতাত আৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪-৬৫ চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বৰ্ণপদক জয় কৰে।
১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই দৌৰ প্ৰতিযোগিতাত সোণৰ পদক আজুৰি মাতৃভূমিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা তেঁৱেই হৈছে প্ৰথম অসমীয়া। অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেখেতৰ ক্ৰীড়াজগতৰ প্ৰতি অৱদান আৰু জীৱনজোৰা সাধনাৰ বাবে ২০২০ চনত অসম চৰকাৰে ‘বীৰ চিলাৰায় বঁটা’ প্ৰদান কৰিছিল।

সমগ্ৰ ৰাজ্যজুৰি আজিৰ দিনটো অৰ্থাৎ ৩ ছেপ্টেম্বৰ তাৰিখটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে। ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ অনুষ্ঠানত উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে ক্ৰীড়া মন্ত্ৰী বিমল বৰা, খেলুৱৈ অৰ্জুন জয়ন্ত তালুকদাৰ। চান্দমাৰীৰ উৰণীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় বিশেষ চাইকেল ৰেলী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 4 =

Back to top button