Socialঅসমদুৰ্ঘটনা

এইবাৰ দীপাৱলী নহা হ’লেই ভাল আছিল কিজানি! দীপাৱলীৰ আতচবাজিৰ বাবেই নিঃশেষ কেইজনমান উদীয়মান যুৱকৰ সপোন…

শুকুৰবাৰে, নামি আহিল কাল অমানিশা। আশাবোৰত চেঁচা পানী ঢালি দীপাৱলীৰ আনন্দৰ মাজতে আহিছিল দুঃখবৰটো। দপদপকৈ জ্বলিল 'শ্ল'গান Cafe'

চৌদিশে পোহৰৰ উৎসৱৰ আনন্দ। আনন্দ-উল্লাসৰ মাজেৰে দীপাৱলী উদযাপন কৰিলে ৰাজ্যবাসীয়ে। এইবাৰ ৰাজ্যৰ সৰহ সংখ্যক লোকে সেউজ দীপাৱলী উদযাপন কৰাৰ সমান্তৰালকৈ বহুতেই ফটকা-আতচবাজিৰে উদযাপন কৰিলে পোহৰৰ উৎসৱ।

এইবাৰ দীপাৱলী নহা হ'লেই ভাল আছিল কিজানি! দীপাৱলীৰ আতচবাজিৰ বাবেই নিঃশেষ কেইজনমান উদীয়মান যুৱকৰ সপোন...

কিন্তু এই ফটকা, আতচবাজিয়েই কাল হ’ল কেইজনমান উঠি অহা যুৱকৰ বাবে। এইবাৰ দীপাৱলী নহা হ’লেই ভাল আছিল কিজানি! কিয়নো দীপাৱলীৰ আতচবাজিয়ে কাঢ়ি নিলে যোৰহাটৰ কেইজনমান আগৰণুৱা যুৱকৰ সপোনৰ বীজ।

‘শ্ল’গান Cafe’

এইবাৰ দীপাৱলী নহা হ'লেই ভাল আছিল কিজানি! দীপাৱলীৰ আতচবাজিৰ বাবেই নিঃশেষ কেইজনমান উদীয়মান যুৱকৰ সপোন...

যোৰহাটৰ মাজমজিয়াত থকা ‘শ্ল’গান Cafe’ৰ নামটোতে আছে সুকীয়া আকৰ্ষণ। যোৰহাটৰ কেইজনমান উদ্যমী যুৱকে চলিত বৰ্ষতে হেঁপাহেৰে খুলিছিল এই Cafe খন। যোৰহাটৰ উচ্চ শিক্ষিত যুৱক দেৱব্ৰত গগৈ, সুব্ৰত দত্ত, চিন্ময় গগৈ নামৰ তিনিজন যুৱকৰ প্ৰচেষ্টাতেই গঢ় লৈছিল ‘শ্ল’গান Cafe’।  চৰকাৰী চাকৰিলৈ বাট চাই হাত সাবটি বহি নাথাকি যোৰহাটৰ যুৱককেইজনে বাচি লৈছিল উপাৰ্জনৰ এক অনন্য পথ। তেওঁলোকে কেৱল উপাৰ্জনৰ এক আহিলা হিচাপেই শ্ল’গানক ব্যৱহাৰ কৰা নাছিল। কিয়নো শ্ল’গান আছিল বহুতৰে বাবে আদৰ্শস্বৰূপ। শ্ল’গানলৈ খাদ্যপ্ৰেমীয়ে কেৱল খাবলৈকে যোৱা নাছিল, শ্ল’গানত প্ৰাণ পাই উঠিছিল সকলো। শ্ল’গানে সকলোকে দিছিল এক সুকীয়া অনুভূতি।

এইবাৰ দীপাৱলী নহা হ'লেই ভাল আছিল কিজানি! দীপাৱলীৰ আতচবাজিৰ বাবেই নিঃশেষ কেইজনমান উদীয়মান যুৱকৰ সপোন...

কিন্তু শুকুৰবাৰে, নামি আহিল কাল অমানিশা। আশাবোৰত চেঁচা পানী ঢালি দীপাৱলীৰ আনন্দৰ মাজতে আহিছিল দুঃখবৰটো। দপদপকৈ জ্বলিল ‘শ্ল’গান Cafe’। নিশাৰ পোহৰত জুইৰ লেলিহান শাখাই আগুৰিলে চৌপাশ। আতচবাজিৰ ফিৰিঙতিৰ বাবেই জ্বলি গ’ল শ্ল’গান। এচামে ফটকা, আতচবাজি জ্বলাই স্ফূৰ্তি পালে, কিন্তু আনফালে এচামে সপোন হেৰুৱালে।

এইবাৰ দীপাৱলী নহা হ'লেই ভাল আছিল কিজানি! দীপাৱলীৰ আতচবাজিৰ বাবেই নিঃশেষ কেইজনমান উদীয়মান যুৱকৰ সপোন...

অৱশ্যে, ফিৰিঙতিয়ে যোৰহটীয়ানৰ আৱেগ শ্ল’গানক বাধা দিলেও অপ্ৰতিৰোধ্য ‘শ্ল’গান Cafe’। কোনেও বাধা দিব নোৱাৰে যোৰহাটৰ তিনি যুৱকৰ প্ৰচেষ্টাক। ক’লা ছাইৰ পৰাই পুনৰ জী উঠিব শ্ল’গান। আমিও বিচাৰো পুনৰ জীপাল হৈ উঠক শ্ল’গানৰ সন্ধিয়া, এপিয়লা চাহ আৰু কিছু আড্ডা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 15 =

Back to top button