Assamleatest updateSocialSports

সৰুসজাইত জনস্বৰাজৰ উদ্যোগত ‘ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টিৰ আৰু ডপ নিৰ্বাৰণ শীৰ্ষক অনুষ্ঠান সম্পন্ন

অনুষ্ঠানটোৰ উদ্যোক্তা অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান ‘জনস্বৰাজ’৷

‘ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টিৰ লগতে ক্ৰীড়াবিদক নিষিদ্ধ ঔষধ সেৱণৰ পৰা আঁতৰাই ৰখা অৰ্থাৎ ড’প নিৰ্বাৰণক বিষয় হিচাপে লৈ মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তৰ্জাতিক এথলেটিক ষ্টেডিয়ামৰ শীতা-তাপ নিয়ন্ত্ৰিত আলোচনা কক্ষত আজি এক সজাগতা অনুষ্ঠানৰ লগতে কৰ্মশালাৰ সম্পন্ন হয়৷ অনুষ্ঠানটোৰ উদ্যোক্তা অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান ‘জনস্বৰাজ’৷

সৰুসজাইত জনস্বৰাজৰ উদ্যোগত ‘ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টিৰ আৰু ডপ নিৰ্বাৰণ শীৰ্ষক অনুষ্ঠান সম্পন্ন

কাৰ্যসূচীত বিভিন্ন ক্ৰীড়া ইভেণ্টৰ খেলুৱৈ, প্ৰশিক্ষক, সংগঠক, শাৰীৰিক নিৰ্দেশক আৰু অভিভাৱকক সামৰি প্ৰায় তিনি শতাধিক ব্যক্তি উপস্থিত থাকে৷ কাৰ্যসূচী মুখ্য আকৰ্ষণ ৰূপে উপস্থিত থাকে অজুৰ্ন বঁটা বিজয়ী, আন্তৰ্জতিক খ্যাতিসম্পন্ন ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াই৷

সৰুসজাইত জনস্বৰাজৰ উদ্যোগত ‘ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টিৰ আৰু ডপ নিৰ্বাৰণ শীৰ্ষক অনুষ্ঠান সম্পন্ন

জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁইৰ পৌৰহিত্যত আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈয়ে আঁত ধৰা সজাগতা অনুষ্ঠান আৰু কৰ্মশালাত সমল ব্যক্তি ৰূপে উপস্থিত থাকে খেলুৱৈৰ পৰিপুষ্টি বিষয়ত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা জেছমিন ইছলাম আৰু ড’প নিবাৰণ বিষয়ত বিস্তৃতভাৱে বক্তব্য ৰাখে ক্ৰীড়া আৰু অনুশীলন মেডিচিনৰ বিশেষজ্ঞ চিকিৎসক ড॰ দীপাংকৰ ভট্টাচাৰ্যই৷ অইল ইণ্ডিয়া, এছ এল এ চি, এন আৰ এল, এ পি ডি চি এল, অসম ক্ৰীড়া প্ৰাধিকৰণে সহায়-সহযোগিতা কৰা অনুষ্ঠানটোৰ মাজতে জনস্বৰাজৰ ১৫ বছৰ পূৰ্তিৰ প্ৰাক্‌ক্ষণত প্ৰস্তুত কৰি উলিওৱা স্মৰণিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অজুৰ্ন বঁটা বিজয়ী, আন্তৰ্জতিক খ্যাতিসম্পন্ন ল’ন বল খেলুৱৈ নয়নমণি শইকীয়া৷ অনুষ্ঠানত সন্মানীয় ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সহকাৰী ক্ৰীড়া সঞ্চালক সত্যব্ৰত গগৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি কাৰ্যসূচীৰ সৌস্তভবৃদ্ধি কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button