অসমভাৰতৰাজনৈতিক
Trending

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা

২০ চেপ্তেম্বৰৰ পৰা ৰাজ্যৰ ২০খন জিলাত হ'ব জোঁৰ লৈ সমদল

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণলৈ উত্তাল ৰাজপথ। ৰাজ্যজুৰি ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা চুতীয়া যুৱ সন্মিলনৰ । ২০ চেপ্তেম্বৰৰ পৰা ৰাজ্যৰ ২০খন জিলাত হ’ব জোঁৰ লৈ সমদল।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীৰ্ঘ দিন ধৰি দাবী জনাই আহিছে ৰাজ্য আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় ৰাইজে । চৰকাৰ পৰিৱৰ্তন পিছতো জনজাতিকৰণৰ বিষয়টো উত্থাপন নহয় সংসদৰ মজিয়াত । বাৰে বাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈয়ে ৰৈ গ’ল জনজাতিকৰণৰ বিষয়টো ।

সেহতিয়াকৈ ৰাজ্য চৰকাৰে চলিত বৰ্ষত বিধানসভাত জনজাতিকৰণৰ বিষয়ত প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা কোৱাৰ পিছতো আস্বস্ত হ’ব পৰা নাই দল সংগঠন সমূহ । সেইবাবে ইটোৰ পিছত সিটো প্ৰতিবাদ কাৰ্যসূচী সংগঠন সমূহৰ।

ৰাজ্যজুৰি আটাছুয়ে জোৰ লৈ প্ৰতিবাদ কৰাৰ পিছত এইবাৰ  যদি চলিত বছৰতে চৰকাৰে জনজাতিকৰণৰ বিষয়টো সঠিকভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তাৰ ফল অনাগত দিনত ভূগিব লাগিব বুলি হুংকাৰ সংগঠনটোৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.