Socialবলিউড

এইবাৰ শ্বাহৰুখ খানৰ ‘মন্নত’ত NCBৰ তালাচী, অনন্যা পাণ্ডেৰ ঘৰতো কিয় উপস্থিত হ’ল NCB?

গ্ৰেপ্তাৰৰ ১৪ দিন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰক সাক্ষাৎ কৰে শ্বাহৰুখে। জে'লত পুত্ৰ আৰিয়ানৰ সৈতে ২০মিনিট সময় অতিবাহিত কৰিলে অভিনেতাগৰাকীয়ে

বলিউডৰ বাদশ্বাহৰ বাসগৃহ ‘মন্নত’ত NCBৰ দল। বৃহস্পতিবাৰে, কাৰাগাৰত পুত্ৰ আৰিয়ান খানক সাক্ষাৎ কৰাৰ পিছতেই দুপৰীয়াৰ ভাগত অভিনেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় NCBৰ দল।

নথি-পত্ৰজনিত যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ‘মন্নত’ত উপস্থিত NCBৰ দল। শ্বাহৰুখ খানৰ বাসগৃহত NCBৰ দল উপস্থিত হোৱাৰ সমান্তৰালকৈ বলিউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহটো তালাচী চলায় NCBৰ দলে।

২ অক্টোবৰত মুম্বাইৰ ক্ৰুইজ জাহাজত ৰে’ভ পাৰ্টী কৰাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল আৰিয়ান খান। গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰ আৰিয়ান খানক আজি পুৱা মুম্বাইৰ আৰথাৰ ৰ’ড জেইলত লগ কৰে পিতৃ শ্বাহৰুখ খানে।

উল্লেখ্য যে, গ্ৰেপ্তাৰৰ ১৪ দিন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰক সাক্ষাৎ কৰে শ্বাহৰুখে। জে’লত পুত্ৰ আৰিয়ানৰ সৈতে ২০মিনিট সময় অতিবাহিত কৰিলে অভিনেতাগৰাকীয়ে। অৱশ্যে, পুত্ৰৰ সৈতে শ্বাহৰুখে কি কথা পাতিলে সেয়া কাৰো আগত ব্যক্ত কৰা নাই অভিনেতাগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.