অসমআঞ্চলিক

বৰপেটাৰ জিলাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ দেহাৱসান

২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জগন্নাথ অধিকাৰীয়ে।

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে বৰপেটা জিলাত স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ দেহাৱসান। শনিবাৰে নিশা প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে। চিকিৎসাধীন অৱস্থাত গুৱাহাটীত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ। মৃত্যুৰ সময়ত তেওঁ নিজ পত্নী , পুত্ৰক এৰি থৈ গৈছে। সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।

উল্লেখ্য যে, সুন্দৰীদিয়া সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ আগবঢ়োৱাৰ পিছতেই ২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জগন্নাথ অধিকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.