অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিয়াৰ প্ৰলোভনেৰে ফুচলাই নি গ্ৰেপ্তাৰ হ’ল হানিট্ৰেপিঙেৰে জড়িত বহিঃৰাজ্যৰ যুৱক

জানিব পৰা মতে, যোগীঘোপাৰ ছেদামাৰী পাল্লীৰতল গাঁৱৰ ১৫ বছৰীয়া কিশোৰীক বহিঃৰাজ্যৰ যুৱকজনে ৯ এপ্ৰিল তাৰিখে  শিলিগুড়িলৈ নিয়ে।

যোগীঘোপাত গ্ৰেপ্তাৰ হানিট্ৰেপিঙেৰে জড়িত যুৱক।

যুৱকজনৰ পৰা উদ্ধাৰ এগৰাকী কিশোৰী।

গ্ৰেপ্তাৰ পশ্চিমবংগৰ ছোৰা কলনীৰ সান্তনু পাল।

বিয়াৰ প্ৰলোভনেৰে ফুচলাই নিয়াৰ অভিযোগ।

জানিব পৰা মতে, যোগীঘোপাৰ ছেদামাৰী পাল্লীৰতল গাঁৱৰ ১৫ বছৰীয়া কিশোৰীক বহিঃৰাজ্যৰ যুৱকজনে ৯ এপ্ৰিল তাৰিখে  শিলিগুড়িলৈ নিয়ে। পৰিয়ালৰ লোক যোগীঘোপা থানাত এজাহাৰ দাখিল কৰাৰ পিছত তৎপৰ হৈ পৰে আৰক্ষী। শিলিগুৰিত কিশোৰী আৰু যুৱকজনক স্থানীয় এটা এন জি ও ই আটক কৰি গতাই দিয়ে থানাত। পিছত যোগীঘোপা থানাৰ সহ:কাৰী পৰিদৰ্শক মুনমুন ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে ১০ তাৰিখে আবেলি শিলিগুড়িলৈ গৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰে। চাৰি মাহ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ পাছত বিয়াৰ প্ৰলোভন দি ফুচুলাই শিলিগুড়িলৈ লৈ গৈছিল কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 365 ৰ অধীনত114/2023 নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.