Assamhoroscopenorth eastSocialSocial Networkঅসমদৈনিক বাতৰি

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ ?

আজিৰ দিনটোৰ ৰাশিফল

মেষ : যিকোনো কামকে ভাবি-চিন্তি কৰক। বাঞ্ছিত ফল লাভত বাধা পাব। ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২।

বৃষ : অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ। অধিক কৰ্মবোজা পৰিলেও কিছু নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

মিথুন : আর্থিকত বেয়া দেখা নাযায়। সাধাৰণ খৰচ- পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা। যোগ্যতাৰ পুৰস্কাৰ পাব। প্রেম-প্রীতিত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। খৰচ বৃদ্ধি পাব। দাম্পত্যত মোটামুটি সুখৰ কাৰক। উদ্বিগ্ধতা সমাধানৰ উৎস। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। আর্থিক দিশত ধন হানি হোৱাৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৯।

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব। ভ্ৰমণাদিত আৰ্থিক হানিৰ যোগ। আলহীৰ আগমন। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক: ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্রাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰোধ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

ধনু : অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মতবিৰোধ হোৱাৰ আশংকা। লেনদেনত সাৱধান থাকক। শৰীৰ ভালেই বুলিব পাৰি। ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ: মজলীয়া হ’লেও উন্নত। দূৰ যোগাযোগত বাধাপ্রাপ্ত। পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। ব্যৱসায়ত ঋণৰ কাৰকতা। শুভ ৰং বগা, শুভ সংখ্যা ৫।

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্রত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্রেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + sixteen =

Back to top button