জীৱনশৈলীদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জনমুম্বাই

পূৰ্ণ গতিত চলিছে ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ প্ৰস্তুতি! কেতিয়ালৈ হ’ব বিয়া?

ৰণবীৰ আৰু আলিয়াই এপ্ৰিলত বিবাহৰ পৰিকল্পনা কৰিছে আৰু কাপুৰ আৰু ভাট্ট দুয়োটা পৰিয়ালতে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰ সাজু হৈছে বিবাহ পাশত আৱদ্ধ হ’বলৈ। খবৰ অনুসৰি ইতিমধ্যে পূৰ্ণ গতিত চলি আছে প্ৰস্তুতি।

ৰণবীৰ আৰু আলিয়াই এপ্ৰিলত বিবাহৰ পৰিকল্পনা কৰিছে আৰু কাপুৰ আৰু ভাট্ট দুয়োটা পৰিয়ালতে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

কিছুদিন আগতে BollywoodLife.comৰ এক বাতৰিত দাবী কৰা হৈছিল যে দুয়োজনে ডেষ্টিনেচন ৱেডিঙৰ পৰিকল্পনা বাতিল কৰিছে আৰু মুম্বাইতে বিবাহপাশত আৱদ্ধ হ’ব। মাত্ৰ তেওঁলোকৰ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ উপস্থিতিতে বিবাহপাশত আৱদ্ধ হ’ব দুয়োজনে।

দুয়োজনৰ আহিবলগীয়া ছবি ব্ৰহ্মাস্ত্ৰৰ বাবে বিয়াত পলম হোৱা বুলিও জানিব পৰা গৈছে। ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ বিবাহৰ পূৰ্বে ছবিখন মুক্তি পোৱাটো বিচাৰে।
উল্লেখ্য যে, আলিয়া আৰু ৰণবীৰে আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ত প্ৰথমবাৰৰ বাবে একেলগে ছবি কৰিছে। ছবিখনত অমিতাভ বচ্চন, নাগাৰ্জুন, ডিম্পল কাপাডিয়া আৰু মৌনী ৰয়ও মুখ্য চৰিত্ৰত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.