অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

ডিব্ৰুগড়ত এক ঘৃণনীয় কাণ্ড, মছজিদৰ চৌহদত কোনো দুৰ্বৃত্তই মানুহৰ মল দলিয়াই মছজিদৰ পৱিত্ৰতা বিনষ্ট কৰাৰ চেষ্টা

ডিব্ৰুগড়ত এক ঘৃণনীয় কাণ্ড।

কল ৰোডৰ আগবৰপট্টী মছজিদৰ চৌহদত কোনো দুৰ্বৃত্তই মানুহৰ মল দলিয়াই মছজিদৰ পৱিত্ৰতা বিনষ্ট কৰাৰ চেষ্টা।

অঞ্চলজুৰি সৃষ্টি হৈছে এক ব্যাপক চেপা উত্তেজনা।

মছজিদৰ চাৰিসীমাৰ কাষৰ পকীবেৰাৰ বাহিৰৰ পৰা এজন লোকে নিজৰ কাপোৰৰ তলত চিপছৰ পেকেটৰ ভিতৰত সুমুৱাই অনা মানুহৰ মল মছজিদৰ ভিতৰলৈ দলিয়াই দিয়াৰ স্পষ্ট দৃশ্য বন্দী হৈছে মছজিদৰ চি চি টিভি কেমেৰাত।

মছজিদৰ পৱিত্ৰতা বিনষ্ট কৰাৰ লগতে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অপচেষ্টা দৰে এই ঘটনাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি পুৱতি নিশা নামাজৰ সময়ত সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মছজিদ সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে অনুৰূপ ঘটনাই কিছু দিন পূৰ্বে চহৰৰ ডিব্ৰুজান মছজিদৰ চৌহদতো এনে এক ঘটনা সংঘটিত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − nine =

Back to top button