অসমগুৱাহাটীভাৰত

ধ্বংসৰ গৰাহত কাছাৰৰ এখন চৰকাৰী বিদ্যালয়

ভূ-মাফিয়াই কাটি তহিলং কৰিছে চৌহদৰ মাটি। যিকোনো মুহূৰ্তত ভূমিস্খলন হোৱাৰ আশংকা।

ধ্বংসৰ গৰাহত কাছাৰৰ এখন চৰকাৰী বিদ্যালয়

ভূ-মাফিয়াই কাটি তহিলং কৰিছে চৌহদৰ মাটি

যিকোনো মুহূৰ্তত ভূমিস্খলন হোৱাৰ আশংকা

শংকাৰ মাজত পাঠগ্ৰহণ ১২০গৰাকী ছাত্ৰ-ছাত্ৰীৰ

উত্তৰ কৃষ্ণপুৰ মানৱসেৱা প্ৰাথমিক বিদ্যালয়লৈ ভাবুকি

১৯৮০ ইংৰাজীত স্থাপিত এই বিদ্যালয়খনত বৰ্তমান আছে ১২০ গৰাকী ছাত্ৰছাত্ৰী। টিলা অঞ্চলত থকাৰ বাবেই বিদ্যালয়খন স্থাপন হৈছিল টিলাৰ ওপৰত। কিন্তু যোৱা দুবছৰ বিদ্যালয়খনৰ চাৰিওফালে চলিছে ভূ মাফিয়াৰ তাণ্ডৱ। প্ৰতিদিনেই এস্কেবেটৰ লগাই বিদ্যালয়ৰ চাৰিওফালে থকা টিলা কাটি তহিলং কৰিছে মাফিয়াসকলে। দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব যে কি ভয়াবহ পৰিস্থিতিৰ মাজত আছে বিদ্যালয়খন। শীঘ্ৰেই ইয়াৰ ব্যবস্থা গ্ৰহণ নকৰিলে যিকোনো সময়ত ভূমিস্খলন হৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.