অপৰাধঅসমঅসম আৰক্ষী

সোণতলীৰ চৰাঞ্চলত ড্ৰাগছবিৰোধী অভিযান, আৰক্ষীয়ে জ্বলালে ২৫ লাখ টকাৰ গাঞ্জা

উল্লেখ্য যে, এচাম অসাধু লোকে নিজৰ ঘৰৰ চোতাল আৰু বাৰীত মাৰাত্মক নিচাজাতীয় এই গাঞ্জাৰ খেতি কৰি দীৰ্ঘদিন ধৰি চলাই আহিছিল ব্যৱসায়৷ এই নিষিদ্ধ খেতিৰ বিৰুদ্ধে ৰাইজে দিয়া অভিযোগৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে ধ্বংস কৰে বৃহৎ পৰিমাণৰ গাঞ্জা

দক্ষিণ কামৰূপৰ সোণতলীৰ চৰাঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান। প্ৰশাসন আৰু আবকাৰী বিভাগে যৌথভাৱে চলোৱা অভিযানত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ৷

বৃহস্পতিবাৰে, কামৰূপ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত জিলা আবকাৰী বিষয়া মানস প্ৰতীম শৰ্মা, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত সোণতলী চৰাঞ্চলৰ বিভিন্ন দূৰ্গম ঠাইত চলায় নিষিদ্ধ গাঞ্জা খেতিৰ বিৰুদ্ধে এই অভিযান৷

সোণতলী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত প্ৰশাসন আৰু আবকাৰী বিভাগে মাহতলী, ৰাঙাপানী, উত্তৰ ৰঙাপানীৰ লগতে চৰৰ কেবাখনো গাঁৱত কৰা গাঞ্জাৰ খেতি ধ্বংস কৰি জ্বলাই নষ্ট কৰে৷ অভিযানটোত ধ্বংস কৰা গাঞ্জাৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা।

উল্লেখ্য যে, এচাম অসাধু লোকে নিজৰ ঘৰৰ চোতাল আৰু বাৰীত মাৰাত্মক নিচাজাতীয় এই গাঞ্জাৰ খেতি কৰি দীৰ্ঘদিন ধৰি চলাই আহিছিল ব্যৱসায়৷ এই নিষিদ্ধ খেতিৰ বিৰুদ্ধে ৰাইজে দিয়া অভিযোগৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে ধ্বংস কৰে বৃহৎ পৰিমাণৰ গাঞ্জা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.