অসমউৎসৱ

চৰকাৰৰ নতুন SOPয়ে মাজুলীত ম্লান কৰি তুলিছে ৰাসৰ আনন্দ

শেহতীয়াকৈ অসম চৰকাৰৰ ক'ভিড নীতিক লৈ মাজুলীত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া

শত বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ বিৰচিত কেলিগোপাল নাটকৰ আধাৰত প্ৰতি বছৰেই পালন কৰি অহা হৈছে শাৰদীয় ৰাস মহোৎসৱ। মাজুলীবাসীৰ বাবে আবেগৰ আন এক নাম ৰাস।  ৰাসলৈ এতিয়া মাথো ১০ টা দিন বাকী। দিন ৰাতি একাকৰ কৰি মাজুলীবাসী ব্যস্ত ৰাসৰ আখৰাত।

ৰাসক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ শিশুলীলা। কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ ক’ভিড নীতিক লৈ মাজুলীত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া। নতুন ক’ভিড নীতিয়ে বিপাঙত পেলাইছে মাজুলীৰ সত্ৰানুষ্ঠান। শিশুলীলা অবিহনে ৰাস অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰি  ৰাস পৰিচালনা সমিতিসমূহে চৰকাৰক ক’ভিড নীতি কিছু শিথিল কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, চৰকাৰে জাৰি কৰা নতুন নীতি অনুসৰি ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰ ঊৰ্ধৰ লোকসকলক ৰাস মহোৎসৱত উপস্থিত থকাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.