অসমউৎসৱগুৱাহাটীধৰ্মীয়ধাৰ্মিকভাৰত

আজি লক্ষ্মী পূজা! ধন-ধানেৰে উপচি পৰাৰ কামনাৰে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়োৱা হ’ব পূজা-অৰ্চনা

পূৰ্বৰ দৰে উচাহ নাই যদিও ৰাজ্যজুৰি পালন ঐশ্বৰ্য্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা

আজি লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্যপ্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে।

ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই আগবঢ়াই ৰাজ্যবাসীয়ে প্ৰাৰ্থনা জনাব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক। পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াই পূজা-অৰ্চনা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তৰ জীৱন।

হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাতি মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিক ভাবে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত এই পূজা পালন কৰে। কাতি মাহত অনুষ্ঠিত লক্ষ্মী পূজা দেৱালীৰ তৃতীয় দিনা উদযাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত কালী পূজা অনুষ্ঠিত হয়। লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।

ক’ভিডসৃষ্ট পৰিবেশৰ বাবে আগতকৈ উচাহ কিছু কম হ’লেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে লক্ষ্মীপূজা।

ইতিমধ্যে লক্ষ্মী পূজাৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰো উভৈনদী হৈ পৰিছে পূজাৰ সামগ্ৰীৰে। ধানৰ থোক, মাটিৰ চাকি, কলপুলি, তুলসী, দূবৰী আদি পূজাৰ সামগ্ৰীৰে উভৈনদী বজাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.