SocialSocial Networkঅভিনয়দৈনিক বাতৰিবলিউডবোলছবিভাৰত

‘কেনে আছে ছেহনাজ’?

সিদ্ধাৰ্থক শেষ বিদায় দিলে ছেহনাজে

বিদায় সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ শেষ যাত্ৰাত চকুলো টুকিলে সতীৰ্থ, বন্ধুমহলৰ লগতে বিশেষ ব্যক্তিগৰাকীয়ে যাক পাগলৰ দৰে ভাল পাইছিল সিদ্ধাৰ্থে। উপস্থিত সকলোৱে সুধিলে ‘কেনে আছে ছেহনাজ’? সিদ্ধাৰ্থৰ শেষ বিদায়ত উপস্থিত থাকিল ৰঙা চকুৰে আউলি বাউলি ছেহনাজ।


বিগ বছ চিজন-১৩ত কম সময়ৰ ভিতৰতে একেলগে সাঙোৰ খাই পৰিছিল সিদ্ধাৰ্থ আৰু ছেহনাজৰ নাম- “ছিদনাজ”। ছিদনাজৰ মাজৰ মধুৰ সম্পৰ্কই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ছিদনাজৰেই বিয়াৰ কথা গোপনে চলা বুলিও চৰ্চা চলিছিল বহুতৰে মুখত। জানিব পৰা মতে, চলিত বৰ্ষৰে শেষৰ ফালে বিয়াত বহাৰ কথা আছিল হোনে দুয়োৰে। আনকি বিয়াৰ বাবে বিবাহ ভৱনো ঠিক কৰিছিল মুম্বাইত।

Related Articles


কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন মত নিদিলে ছিদনাজৰ প্ৰেমত। ছেহনাজৰ লগতে সকলোকে এৰি চিৰ বিদায় ল’লে সিদ্ধাৰ্থে। পলকতে সকলো সপোন মৰহি গ’ল। ছেহনাজৰ লগতে সকলো শুভাকাংশীক কন্দুৱাই থৈ গ’ল সিদ্ধাৰ্থই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button