অসমখেল

কিয় অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে লাভলীনাই?

অলিম্পিকত বুকু ফুলাই লাভলীনাই পিন্ধিলে বিজয়ৰ পদক।

অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰে ভাৰতবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা লাভলীনাই। লাভলীনাক লৈ গৌৰৱান্বিত সমগ্ৰ দেশবাসী। অলিম্পিকত বুকু ফুলাই লাভলীনাই পিন্ধিলে বিজয়ৰ পদক। টকিঅ’ৰ বিজয় গৌৰৱৰ পাছত আজি জন্মভূমিত উপস্থিত হয় IRON GIRL লাভলীনা। বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ মৰ্য্যদাৰে আদৰি অনা হয় অসম কন্যাক।

সকলোৱে সন্মানেৰে ওপচাই পেলায় অসম গৌৰৱ লাভলীনাক। লাভলীনাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক প্ৰদান কৰে ১ কোটি টকাৰ সাহাৰ্য।
সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছত লাভলীনা বৰগোঁহায়ে ভাষণ প্ৰদান কৰে। টকিঅ’ অলিম্পিকত অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ কিদৰে অসম কন্যা গৰাকীয়ে ৰিঙত নামিছিল সেয়া ব্যক্ত কৰাৰ লগতে অসমবাসীৰ প্ৰাৰ্থনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে লাভলীনাই।

ভাষণৰ আৰম্ভণিতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে বক্সাৰগৰাকীয়ে। অসমবাসীয়ে আশা কৰাৰ দৰে অলিম্পিকৰ পৰা স্বৰ্ণ লৈ উভতি আহিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী পেৰিছ অলিম্পিক, ২০২৪ত ভাৰতৰ হৈ স্বৰ্ণ জয় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.