Internationalঅসমগুৱাহাটীবলিউডবিশ্বভাৰতমনোৰঞ্জন

৯৫ সংখ্যক অস্কাৰত ভাৰতীয় ছবিৰ জয়জয়কাৰ

বিবেক অগ্নিহোত্রীয়ে অনুভৱ কৰিছে যে 'নাটু নাটু' ছবিৰ অস্কাৰ বিজয়ৰ পিছত আঞ্চলিক ছবিৰ প্ৰতি দৰ্শকৰ মনোযোগ বাঢ়িব।

৯৫ সংখ্যক অস্কাৰত ভাৰতীয় ছবিৰ জয়জয়কাৰ অৱস্থা। এফালে শ্রেষ্ঠ চুটি তথ্যচিত্ৰৰ শাখাত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ বিজয়ী। আনহাতে, ‘আৰ আৰ আৰ’ ছবিখনৰ ‘নাতু নাতু’ গীতটোৱে মূল গীতৰ শাখাত শ্রেষ্ঠ খিতাপ দখল কৰে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত চৰ্চালৈ আহিছে ৰাজামৌলিৰ ছবিখনৰ গীত। ‘নাটু নাটু’ৰ অস্কাৰ বিজয়ক লৈ সমগ্ৰ দেশ উৎফুল্লিত হৈ পৰিছে।

“দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালকগৰাকীয়ে দাবী কৰে যে, “বিশ্ব মঞ্চত ভাৰতীয় ছবিৰ বাবে এয়া এক সোণালী সময়। আমাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনেই বিশ্বমানৰ দৰ্শকৰ বাবে ভাৰতীয় চিনেমাৰ দুৱাৰ মুকলি কৰি দিলে। ইয়াৰ পিছত সেই বাটত খোজ কাঢ়ি ‘আৰ আৰ আৰ’ই সফলতা অৰ্জন কৰিছে।”

‘আৰ আৰ আৰ’ক শুভকামনা জনোৱাৰ উপৰিও বিবেক ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ সফলতাক লৈও গৌৰৱান্বিত। পৰিচালকগৰাকীয়ে কয়, “দুখন তথ্যচিত্রই মনোনয়ন লাভ কৰিছিল, ইয়াৰে এখনে অস্কাৰ ঘৰলৈ লৈ আহিছিল।”

বিবেক অগ্নিহোত্রীয়ে অনুভৱ কৰিছে যে ‘নতু নাতু’ ছবিৰ অস্কাৰ বিজয়ৰ পিছত আঞ্চলিক ছবিৰ প্ৰতি দৰ্শকৰ মনোযোগ বাঢ়িব। তেওঁৰ মতে, “ভাৰতীয় সাংস্কৃতিক চিনেমাই এতিয়া তাৰকাৰে ভৰা বলীউড চিনেমাৰ বাহিৰেও অধিক প্রাধান্য লাভ কৰিছে। মই দেখি সুখী।”

ভৱিষ্যতে ভাৰতীয় ছবিৰ পৰা তেওঁ কি আশা কৰিছে? বিবেকৰ উত্তৰ, “বাংলা, মাৰাঠী, পাঞ্জাবী – সকলো ভাষাৰ ছবি ‘ভাৰতীয় চিনেমা’ৰ ছাতিৰ তলত আহিব লাগে, আৰু বিশ্বৰ মঞ্চত দেশৰ নাম উজ্জ্বল হ’ব লাগে।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.