অসমকৃষিজীৱনশৈলী

অসমত বৃদ্ধি পালে পুৰবী দুগ্ধৰ মুল্য

১ টকাকৈ বৃদ্ধি পাইছে পুৰবী দুগ্ধৰ মুল্য

অসমত পুৰবী দুগ্ধৰ মুল্য বৃদ্ধি পালে। প্ৰতি ৫০০ মিলি পাউচত পুৰবী গাখীৰৰ মুল্য ১ টকাকৈ বৃদ্ধি পাইছে।

পুৰবী ডেইৰীয়ে অসমৰ দুগ্ধ খেতিয়কৰ পৰা সংগ্ৰহ কৰা গাখীৰত প্ৰতি কিলোগ্ৰামত ১ টকাকৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই মূল্য সংশোধনে পুৰবী ডেইৰীক অসমৰ অধিক সংখ্যক দুগ্ধখেতিয়কক ৱামুলৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাত সহায় কৰিব আৰু এনেদৰে দুগ্ধ সমবায় মডেল শক্তিশালী হ’ব।

সঞ্চালনৰ ব্যয় বৃদ্ধি, ইন্ধনৰ মূল্য বৃদ্ধি, পেকেজিং ব্যয় আৰু মুদ্ৰাস্ফীতি আদি কাৰকৰ বাবে পুৰবীয়ে নিজৰ গাখীৰৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button