বহুমুখী প্ৰতিভাৰে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা কিংবদন্তি গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ আজি ৯২ তম্ জন্ম জয়ন্তী৷ তিনিটা দশক পাৰ হৈ গ’ল যদিও আজি পৰ্যন্ত কোনোৱে ল’ব নোৱাৰিলে কিশোৰ কুমাৰৰ স্থান৷ ‘Mere Mehboob Qayamat Hogi’ ৰ পৰা ‘Keh Doon Tumhein’ লৈকে বহু চিৰসেউজ গীতেৰে আজিও সকলোৰে মাজত সজীৱ কিশোৰ কুমাৰ ৷
এগৰাকী গায়কৰ পৰা অভিনেতা আৰু এগৰাকী পৰিচালকৰ পৰা সংগীত ৰচনা কৰালৈকে নিজকে একক আৰু অনন্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কিশোৰ কুমাৰে৷ মহম্মদ ৰফি, মান্না দে আৰু লতা মংগেশকাৰৰ দৰে গায়কসকলৰ সৈতে বলীউড সংগীতৰ সোণালী যুগক প্ৰতিনিধিত্ব কৰা গায়ক সকলৰ ভিতৰত কিশোৰ কুমাৰ অন্যতম৷ কেৱল হিন্দী আৰু বঙালী গীতেই নহয় তেওঁ মাৰাঠী, অসমীয়া, গুজৰাটী, কানাড়া, ভোজপুৰী, মালায়ালম আৰু উৰ্দু ভাষাতো বহুকেইটি গীত উপহাৰ দি গৈছে ৷
‘Marne Ki Duayen Kyon Mangu’ হৈছে তেওঁৰ প্ৰথমটো গীত ৷ তাৰ লগতে তেওঁৰ কেইখনমান সফল ছবি হ’ল Ladki, Naya Andaz, Bhagam Bhaag, Aasha, Chalti Ka Naam Gaadi আদি৷
Best Male Playback Singer শিতানত আঠটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰা বহুমুখী প্ৰতিভাৰ গায়কগৰাকীৰ এই অভিলেখ এতিয়ালৈকে কোনেও ভাঙিবলৈ সক্ষম হোৱা নাই ৷
১৯৮৭ চনৰ ১৩ অক্টোবৰত চলচ্চিত্ৰ জগতে এই কিংবদন্তি গায়কগৰাকীক হেৰুৱাব লগা হৈছিল ৷