nationalভাৰত
Trending

একেৰাহে সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ নৰেন্দ্ৰ মোদীৰ

ইয়াৰ পূৰ্বে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে ৪,৩৯৮ দিন প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে প্ৰধানমন্ত্ৰীৰ পদত থকা সময়তেই মৃত্যু হৈছিল নেহৰুৰ। জৱহৰলাল নেহৰুৱে ১৯৪৭ চনত প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। ১৯৫১-৫২ চনৰ প্ৰথম নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল নেহৰুৱে।

১২ বছৰ, এটা যুগ। সবাতোকৈ অধিক দিন একেৰাহে নিৰন্তৰে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী মোদীয়ে। বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৰ দীৰ্ঘকাল প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখ ভংগ কৰে। বুধবাৰে একেৰাহে ৪,৩৯৯ দিন প্ৰধানমন্ত্ৰিত্বৰ নতুন অভিলেখ গঢ়িলে মোদীয়ে।

ইয়াৰ পূৰ্বে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে ৪,৩৯৮ দিন প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে প্ৰধানমন্ত্ৰীৰ পদত থকা সময়তেই মৃত্যু হৈছিল নেহৰুৰ। জৱহৰলাল নেহৰুৱে ১৯৪৭ চনত প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। ১৯৫১-৫২ চনৰ প্ৰথম নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল নেহৰুৱে। ১৯৬৪ চনলৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল। জৱহৰলাল নেহৰুৰ কন্যা ইন্দিৰা গান্ধীয়ে প্ৰায় ১৬ বছৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু ইন্দিৰা গান্ধীয়ে ২টা পৃথক কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈছিল। মোদীৰ দৰে একেলগে ১২ বছৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা নাছিল ইন্দিৰা গান্ধী।

কিন্তু নেহৰুৰ সৈতে মোদীৰ আছে আন এক প্ৰাৰ্থক্য। নেহৰুৱে কেতিয়াও মুখ্যমন্ত্ৰী হোৱা নাছিল। আনহাতে নৰেন্দ্ৰ মোদী ১৩ বছৰ কাল গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল। সেই অৰ্থত মোদীয়ে ২৫ বছৰ চৰকাৰৰ মুৰব্বী পদত অধিষ্ঠিত হয় । সৰ্বাধিক কালৰ বাবে চৰকাৰৰ মুৰব্বী হোৱাৰ অভিলেখো মোদীৰেই মোদীৰ ১২ বছৰীয়া আমোলত বিজেপিৰ অভূতপূৰ্ব উত্থান হৈছে দেশত

পশ্চিমবংগত বিজয়ৰ পিছত ২১ খন ৰাজ্যত এতিয়া বিজেপিৰ চৰকাৰ। অকল বিজেপিৰ সংগঠনৰ সম্প্ৰসাৰণেই নহয়, মোদীৰ আমোলত কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। খোদ প্ৰধানমন্ত্ৰী মোদীয়ে এই সময়ছোৱাক বিশ্বাস, উন্নয়ন আৰু কল্যাণৰ বাবে সমৰ্পণৰ সময় বুলি আখ্যা দিয়ে। উল্লেখ্য যে, ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰ প্ৰধানমন্ত্ৰীৰূপে শপত লৈছিল মোদীয়ে। ২০১৯ত দ্বিতীয়বাৰৰ বাবে, ২০২৪ত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় মোদী।

মোদীৰ আমোলত নক্সালবাদৰ নিৰ্মূলকৰণ, UPIৰ প্ৰসাৰ, আন্তঃগাঁথনি নিৰ্মাণ তথা প্ৰতিৰক্ষা আৰু সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হয়। এই সফলতাৰ বাবে মোদীক কেইবাজনো বিশ্বনেতাই অভিনন্দন জনাইছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী তথা মাৰ্কিন পপষ্টাৰ মেৰী মিলিবেনে মোদীক অভিনন্দন জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও মোদীক অভিনন্দন জনায়। NDAৰ বৈঠকত সকলো নেতাই থিয় হৈ মোদীক অভিনন্দন জনায়। সুদীৰ্ঘ এই সময়ছোৱাত মোদীক কেন্দ্ৰ কৰি চলিল দেশৰ ৰাজনীতি। ৩.৫ কোটি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.