ইতিহাসৰ পাতত জিলিকি ৰোৱা সিন্ধু সভ্যতাৰ কথা আমি সকলোৱে জানো। সিন্ধু সভ্যতাৰ সময়ৰ দুখন চহৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা আমি সকলোৱে শুনিছো। সিন্ধু সভ্যতা ধ্বংস হোৱাৰ বহু বছৰ পাৰ হ’ল। কিন্তু শেহতীয়াকৈ বৰ্তমান গুজৰাটত অৱস্থিতহ চহৰ ঢোলাভিৰাই পাইছে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ টেগ।
অফিচিয়েল টুইটাৰ যোগে UNESCOই কৰিলে এই বিশেষ টুইট, “BREAKING! Dholavira: A Harappan City, in #IndiaFlag of India, just inscribed on the @UNESCO #WorldHeritage List. Congratulations!”
🔴 BREAKING!
Dholavira: A Harappan City, in #India🇮🇳, just inscribed on the @UNESCO #WorldHeritage List. Congratulations! 👏
ℹ️ https://t.co/X7SWIos7D9 #44WHC pic.twitter.com/bF1GUB2Aga
— UNESCO 🏛️ #Education #Sciences #Culture 🇺🇳 (@UNESCO) July 27, 2021
UNESCOৰ ৱৰ্ল্ড হেৰিটেজ কমিটীৰ ৪৪ সংখ্যক অধিৱেশনত সিদ্ধান্ত লোৱা হয় তেলেংগানাৰ কাকাটিয়া ৰুদ্ৰেশ্বৰ মন্দিৰ আৰু ঢোলাভিৰাক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ। নতুন দুখন ঐতিহ্যক্ষেত্ৰৰ সংযোজনৰ পাছতে ভাৰতত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সৰ্বমুঠ সংখ্যা হ’ব ৪০ খন।
উল্লেখযোগ্য যে, প্ৰাচীন ঢোলাভিৰা চহৰ হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ উল্লেখযোগ্য আৰু সু-সংৰক্ষিত নগৰীয় বসতিসমূহৰ ভিতৰত অন্যতম। ৩য় খ্ৰীষ্টপূৰ্বৰ পৰা দ্বিতীয় সহস্ৰাব্দলৈকে এই চহৰত বৰ্তি আছিল সিন্ধু সভ্যতা।
সিন্ধু সভ্যতাৰ সময়তে হৰপ্পাত আছিল বিশেষ পানী যোগানৰ ব্যৱস্থা। আনকি এই এলেকাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বিভিন্ন ধৰণৰ তাম, শামুকৰ খোলা, পাথৰ, আ-অলংকাৰ, টেৰাকোটা শিল্প, সোণৰ লগতে হাতীৰ দাঁত।
