নিৰ্বাচনবিধানসভাবিহাৰৰাজনৈতিক

বিহাৰ ৰাজনীতিৰ এক নতুন নাম ড০ গৌতম কৃষ্ণ

সাধাৰণভাৱে ঘৰে ঘৰে গৈ চলাইছিল নিৰ্বাচনী প্ৰচাৰ

বিহাৰৰ ৰাজনৈতিক পৰিবৰ্তনৰ সময়তে আৰ জে ডি উদিয়মান মুখ হিচাপে বিহাৰত বৃদ্ধি পাইছে এজন ব্যক্তিৰ গুৰুত্বতা, নাম ড০ গৌতম কৃষ্ণ। সাৰাহৰসা জিলাৰ বানপীড়িত মহিশী অঞ্চলৰ এটা সাধাৰণ যাদৱ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল ড০ গৌতম কৃষ্ণই । পাটনা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু ‘ভোটদাতাৰ আচৰণ’ বিষয়ত পিএইচডি লাভ গ্ৰহণ কৰি বিহাৰ চৰকাৰৰ এটা ভাল চাকৰি খণ্ডত উন্নয়ন বিষয়া হিচাপে কাম কৰি ৰাজনীতিৰ পথাৰত তেওঁ আৰ.জে.ডি.ৰ সৈতে যোগদান কৰিছিল। ৰাজনীতি ক্ষেত্ৰখনত ২০১৫ চনত তেওঁ প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু জয় হবলৈ সক্ষম নহ’ল। ২০২০ চনতো তেওঁ মহিশী পৰা নিৰ্বাচন খেলিছিল কিন্তু ২০২০ত ৬৪,৬৮৬ ভোট লাভ কৰিও কেৱল ১,৬৩০ ভোটৰ ব্যৱধানত JD(U)ৰ গুণজেশ্বৰ সাহৰ সৈতে প্ৰতিদ্বন্দিতা কৰি পৰাজয় হৈছিল।

গৌতম কৃষ্ণ মূলত সমাজমুখী কাম,যুৱ গঠনত দক্ষতাপূৰ্ণ আছিল। তেওঁ আৰ.জে.ডি.ৰ যুৱক শাখাৰ ৰাজ্যিক সহ-সভাপতি আৰু কোচি অঞ্চলৰ সমস্যাসমূহ যেনে বানপীড়িত পৰিস্থিতি, যুৱকৰ বাবে চাকৰি আৰু পশ্চাদপদ জাতিসকলৰ অধিকাৰ আদিৰ বাবে মাত মাতি আহিছিল। ২০২৫ চনৰ নিৰ্বাচনত বিহাৰৰ মহিশী বিধান সভা সমষ্টিৰ পৰা আৰ.জে.ডি.ৰ দলৰ পৰা তেখেতক পুনৰবাৰ টিকেট দিয়া হৈছিল। গৌতম কৃষ্ণই ২০২৫ৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ শৈলী খুব সাৱলীল ৰুপত চলাইছিল। সহজ ভাষা, মহিলা সুৰক্ষা অধিকাৰ, কৃষকৰ সমস্যা, যুৱ চামৰ সৈতে মত বিনিময় মাজেৰে স্থানীয় জনতাৰ দ্বাৰা যথেষ্ট সমৰ্থন লাভ কৰিছিল গৌতম কৃষ্ণই। বেলেগত কৈ বেলেগ ৰূপত নিৰ্বাচনৰ যুঁজত নামিছিল গৌতম কৃষ্ণ। মহিশীৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিছিল তেওঁ, কেতিয়াবা যদি দুখীয়াৰ দৰিদ্ৰ পৰিয়ালৰ কাষত,কেতিয়াবা যুৱ চামৰ লগত। উল্লেখযোগ্য় যে তেখেতৰ নিজা কৰ্মৰাজীৰ অক্লান্ত প্ৰচেষ্টাৰ ফল পাবলৈ সক্ষম হ’ল গৌতম কৃষ্ণই। ৯৩,৬৩৭ টা ভোট লাভ কৰি মহিশীৰ জনতাই তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰে। সহজ সৰল স্থিতি আৰু কৰ্মমুখী মনৰ বাবে আৰ জে ডি দলৰ ভৱিষ্যতৰ এজন প্ৰভাৱ শালী নেতা হিচাপে পৰিগণিত হোৱাৰ ম্ভাৱনা আছে ড০ গৌতম কৃষ্ণৰ। এনেদৰেই নিজৰ বিধান সভা সমষ্টিৰ ভোটাৰৰ কাষত ব্যতিক্ৰমী নিৰ্বাচনৰ প্ৰচাৰৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছিল নেতা গৰাকীয়ে। সমষ্টিৰ প্ৰতিটো পিছপৰা ঠাইলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল গৌতম কৃষ্ণই। বিলাসীৰ বাহনৰ পৰিৱৰ্তে মটৰ চাইকেলেৰে প্ৰচাৰ চলোৱাৰ লগতে নেতা মন্ত্ৰী দৰে কুৰ্টা পিন্ধাৰ বিপৰীতে পৰিধান কৰিছিলে ৰঙা ৰঙৰ সাধাৰণ এটা চাৰ্ট। সএনেদৰেই সাধাৰণ জনতাৰ ঘৰে ঘৰে গৈ চলাইছিল প্ৰচাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − three =

Back to top button