প্ৰাক্তন প্ৰধানমন্ত্ৰীক ফাঁচীৰ ৰায় বহুকেইটা অপৰাধত দোষী সাব্যস্ত শ্বেখ হাছিনা
বহুকেইটা অপৰাধত দোষী সাব্যস্ত শ্বেখ হাছিনা

বিপদত পৰিল প্ৰাক্তন বাংলাদেশী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । মানৱতা বিৰোধী অপৰাধত দোষী সাব্যস্ত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ বাংলাদেশৰ আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰ আদেশ দিয়ে ৷ ট্রাইবুনেলৰ ১-এ বিচাৰপীঠৰ ন্যায়াধীধ মহম্মদ গোলাম মর্তুজা মজুমদাৰৰ নেতৃত্বাধীন তিনিজনীয়া সদস্যৰ পেনেলে এই ৰায় প্ৰদান কৰে ৷ ৪৫৩ পৃষ্ঠাৰ ৰায়টো ৬ টা পৃথক পৃথক অধ্য়ায়ত বিভক্ত কৰা হয় ৷ এই ৰায় প্রায় ৪০ মিনিটৰো অধিক সময় ধৰি ন্যায়াধীশে পঢ়ি শুনায় ৷ ট্রাইবুনেলৰ আন দুগৰাকী সদস্য হৈছে ন্যায়াধীশ মহম্মদ চফিউল আলম মাহমুদ আৰু মহম্মদ মোহিতুল হক এনাম চৌধুৰী । উল্লেখ্য যে দীর্ঘদিন ধৰি এই গোচৰৰ শুনানি অনুষ্ঠিত হয় ৷ বিভিন্ন সময়ত চৰকাৰী পক্ষৰ পৰা আদালতত মুখ্য চৰকাৰী অধিবক্তা মহম্মদ তাজুল ইছলামৰ পৰা আৰম্ভ কৰি অধিবক্তা মিজানুল ইছলাম, গাজী এম এইচ তামিম আৰু ফাৰুক আহাম্মদে শুনানিত অংশগ্ৰহণ কৰে ৷ ১৩ নৱেম্বৰত গোচৰৰ শুনানি শেষ হয় ৷ উক্ত শুনানিত চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে দেশখনৰ এটর্নী জেনেৰেলে ৷



