অসমশিল্পীসংগীত

জুবিন গাৰ্গ মানেই মানৱ সেৱাৰ অন্য এটি নাম

আনক সহায় কৰি ভাল পাইছিল তেওঁ

জুবিন গাৰ্গে মানৱ সেৱা কৰিছিল,
তেওঁ পাৰ্য্যমানে নিজৰ সুবিধা অসুবিধা নভবাকৈ মানুহক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। মানু্হক ভাল পাইছিল, কিন্তু মানুহৰ তেওঁৰ প্রতি থকা প্ৰচণ্ড অনুৰাগে কেতিয়াবা তেওঁক হতাশাত পেলাইছিল অথচ তেওঁ কাকো ক’ব পৰা নাছিল। এজাক মানুহৰ মাজত থাকিও তেওঁ অকলশৰীয়া অনুভৱ কৰিছিল কিন্তু কাকো ক’ব পৰা নাছিল। তেওঁৰ কেইবাটাও ঘৰ আছিল কিন্তু এখন ঘৰৰ অভাৱ অনুভৱ কৰিছিল তথাপি তেওঁ কাকো ক’ব পৰা নাছিল।

তেওঁৰ মনটোক, তেওঁৰ শৰীৰটোক অলপ জীৰাবলৈ সময় লাগিছিল কিন্তু কাৰোবাৰ মৰম, অনুৰাগ আৰু এসোপামান মেনেজমেন্তৰ হেঁচাত তেওঁ সেইয়াও কৰিব পৰা নাছিল। আজি কাৰ বাবে এচামে আনক আঘাত দিছে? নোৱাৰে সকলোৱে সামাজিক মাধ্যমত দেখাকৈ দুখ প্ৰকাশ কৰিব, নোৱাৰে নিজৰ চকুপানীবোৰ সকলোৰে আগত দেখুৱাব, লুকুৱাই, তেওঁ নিজৰ পৰাও লুকুৱাই। নিজকে সাহসী কৰি ৰাখে অন্তত আনক দেখুৱাবলৈকে যে তেওঁ ভাগি পৰা নাই। আমাৰ প্ৰিয় শিল্পীজনো জানো তেনেকুৱা নাছিল? কি নাছিল তেওঁৰ ওচৰত, দিনে নিশাই এগাল মানু্হ তেওঁৰ আশে পাশে আছিল, তথাপি কিন্তু তেওঁৰ মনটো খুলি দিব পৰাকৈ কোনোবা সংগীৰ অভাৱ আছিল। তেওঁ গ’ল গৈ, অলপ শান্তি পাব এই যন্ত্ৰ হ’ব ধৰা পৃথিৱীখনৰ যন্ত্ৰণাবোৰৰ পৰা। তেওঁক ন্যায় দিবৰ বাবে সকলোৱে যুঁজিব, কাৰ অৱহেলাৰ বাবে এই পৰিণতিত ভুগিছে বৰ্তমান সেইকথা সকলোৰে জ্ঞাত। সেইবুলি আপুনি, মই কৰিব পৰাখিনি আন এজনেও যে দেখুৱাই কৰিব পাৰিব তেনেকৈ কিয় ভাৱি লয়? কোনোবাই যদি এই দুখ পাতলাবলৈ নিজৰ দৈনন্দিন জীৱনলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে তেনে মনবোৰক টানি আজুৰি ভাঙিবলৈ নাচাব। নিজৰ মনটোক সন্তুষ্ট কৰিব পৰাকৈ যি পাৰে কৰক, হঠাতে কোনোৱে কাহানিও কল্পনা নকৰা কিবা এটা হৈ গ’লে বৰ দকৈ ঘাঁ লাগে মনত, শুকাওতে বহু সময় লাগিব, দাগটো ৰৈ যাব চিৰদিনলৈ। নিজৰ লগতে সন্মুখৰ জনকো বুজক, পাৰিলে বুজাই চাওঁক কিন্তু শব্দবোৰ খুব যতনে ব্যৱহাৰ কৰিব, কাৰোবাৰ বেজাৰৰ সময়ত আৰু আঘাত নিদিব।
“I will never go”- Zubeen Garg. (Rita Chaudhory Podcast)
তেওঁ সকলোৰে হিয়াৰ আমঠু হৈ চিৰদিনলৈ আমাৰ হৃদয়ত বিৰাজমান হৈ থাকিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 4 =

Back to top button