অসমঅসম আৰক্ষীছিংগাপুৰদুৰ্ঘটনাশিল্পীসংগীতসংস্কৃতি

প্ৰথমবাৰৰ বাবে মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে

চৰকাৰৰ ওপৰত আস্থা আছে বুলিও সদৰি কৰে গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ আদ্ধশ্ৰাদ্ধৰ দিনাই পত্নী গৰিমা শইকীয়া গাৰ্গে সদৰি বহু কথা। জুবিনৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থ, শেখৰৰ লগতে য়াটত থকা সকলোবোৰেই দায়ী বুলি মন্তব্য কৰিলে গৰিমাই। “দুৰ্বল তথা ভাগৰুৱা জুবিন গাৰ্গক সাগৰত সাতুঁৰাত বাধা দিব লাগিছিল সিদ্ধাৰ্থ আৰু শেখৰে। য়াটত থকা প্ৰত্যোকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী।” -গৰিমা শইকীয়া গাৰ্গ।

জুবিনৰ টকা-পইচা, ব্যৱসায়ৰ বিষয়ে গৰিমা শইকীয়া গাৰ্গে একোৱেই নাজানে বুলি মতপোষণ কৰে। কোনোদিন তেওঁ জুবিনৰ একো কথাত হস্তক্ষেপ কৰা নাই। এতিয়া এই সকলোবোৰ কথা নতুনকৈ শিকিবহে লাগিব গৰিমা গাৰ্গে। এই সকলোবোৰ সদৰি কৰে গৰিমা গাৰ্গে।

লগতে গৰিমা গাৰ্গে কয় যে, “চৰকাৰৰ ওপৰত মোৰ বিশ্বাস আছে, তদন্ত সঠিকৰূপে চলিব বুলি মোৰ বিশ্বাস আছে।” জুবিনক আজি যেনেদৰে মৰম দিছে আগন্তুক সময়তো এনেদৰেই মৰম দি যাব বুলি ৰাইজক আহ্বান জনাই পত্নী গৰিমাই। উল্লেখ্য যে, ইতিমধ্যে ছিংগাপুৰৰ সকলোৰে বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰিছে গৰিমা গাৰ্গ আৰু পৰিয়ালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.