AssamInternationalleatest update

অসমৰ বাবে অশনি সংকেট! জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত

ব্ৰক্ষ্মপুত্ৰৰ ওপৰত চীনৰ সৰ্ববৃহৎ নদীবান্ধ

ব্ৰহ্মপুত্ৰত চীনে আৰম্ভ কৰিছে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ কাম। অৰুণাচল সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষে চীনে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে বান্ধৰ কাম। অৰুণাচলত স্থানীয়ভাৱে য়াৰলুং বুলি জনাজাত ব্ৰহ্মপুত্ৰৰ নামনি অংশত নিংচি মহানগৰত আয়োজন কৰা এক শুভাৰম্ভৰ অনুষ্ঠানত চীনৰ প্ৰধানমন্ত্রী লি কিয়াঙে নিৰ্মাণ আৰম্ভৰ কথা ঘোষণা কৰে।

এই প্ৰকল্পটোত খাপে খাপে থাকিব পাঁচটা হাইড্ৰ’পাৱাৰ ষ্টেছন। ভাৰতৰ অৰুণাচলৰ ফালে বৈ আহিবলৈ য়াৰলুং বা ব্ৰহ্মপুত্ৰৰ এক বৃহৎ গিৰিখাতত এই বান্ধটো নিৰ্মাণ কৰা হ’ব। বৰ্তমান বিশ্বৰ বৃহত্তম বান্ধ চীনৰ থ্ৰী গৰ্জেৰ্ছতকৈও ডাঙৰ হ’ব এইটো বান্ধ।

এই বান্ধৰ ফলত উত্তৰ পূৰ্বাঞ্চললৈ ভাবুকি অহাৰ আশংকা। এই বান্ধটোক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত। কাৰণ এই বান্ধে ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা দিব চীনক। চীনে বৃহৎ পৰিমাণৰ পানী বোৱাই দি ভাৰতত সৃষ্টি কৰিব পাৰিব বান বিভীষিকা। এই বান্ধৰ জৰিয়তে পানী হ্ৰাস কৰি খৰাঙৰো সৃষ্টি কৰাৰ ক্ষমতাও থাকিব চীনৰ। বান্ধ নিৰ্মাণক লৈ চিন্তিত  সচেতন লোকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.